ETV Bharat / sports

তৃতীয় টেষ্টৰ দ্বিতীয় দিন : 2 উইকেটৰ বিনিময়ত ভাৰতৰ সংগ্ৰহ 96 ৰাণ

author img

By

Published : Jan 8, 2021, 7:11 PM IST

প্ৰথম ইনিংছত ষ্টিভ স্মিথৰ শতকৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 338 ৰাণ ৷ ইয়াৰ পাচতে বেটিঙলৈ নামি 2 উইকেটৰ বিনিময়ত ভাৰতৰ সংগ্ৰহ 96 ৰাণ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
ভাৰতীয় ক্ৰিকেটাৰ

স্পৰ্টছ ডেস্ক, 8 জানুৱাৰী : প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ষ্টিভ স্মিথৰ শতকৰ জৰিয়তে সংগ্ৰহ কৰে 338 ৰাণ ৷ ইয়াৰ মাজতে 4 টাকৈ অষ্ট্ৰেলিয়াৰ উইকেটৰ পতন ঘটাই উজ্বলি উঠে ভাৰতৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
ৰবীন্দ্ৰ জাদেজা

ইয়াৰ পাচতে ভাৰতে বেটিং কৰিবলৈ খেলপথাৰত নামি চাহ বিৰতি পৰ্যন্ত এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছিল 26 ৰাণ ৷ সেই সময়ত 9 অ'ভাৰত শুভমন গীল (14 ৰাণ) আৰু ৰোহিত শৰ্মাই (11) ৰাণত বেটিং কৰি আছিল ৷

আনহাতে, অষ্ট্ৰেলিয়াৰ ইনিংছত স্মিথে 27 সংখ্যক শতক অৰ্জন কৰে ৷ তেওঁ 226 বলত সংগ্ৰহ কৰে 131 ৰাণ ৷ ইয়াৰোপৰি, মাৰ্নাছ লাবুছেইনৰ সৈতে 100 ৰাণৰ পাৰ্টনাৰশ্বিপো কৰে স্মিথে ৷ মাৰ্নাছ লাবুছেইনে ব্যক্তিগতভাৱে 196 টা বলত সংগ্ৰহ কৰে 91 ৰাণ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
স্মিথ

দুয়োগৰাকী বেটছমেনৰ সুন্দৰ প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়া দলে প্ৰথম ইনিংছত সন্মানজনক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ পাচতে ভাৰতীয় বলাৰে প্ৰত্যাৱৰ্তন ঘটাবলৈ সক্ষম হয় ৷

এটা সময়ত অষ্ট্ৰেলিয়াই 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 206 ৰাণ ৷ ইয়াৰ পাচতে জাদেজাৰ চাৰি উইকেট আৰু জছপ্ৰীত বুমৰাহৰ 2 উইকেটৰ জৰিয়তে ভাৰতে মেচলৈ প্ৰত্যাৱৰ্তন ঘটায় ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
স্মিথৰ শতক

উল্লেখ্য যে, চাৰিখনীয়া টেষ্ট শৃংখলাত দুয়ো দলে বৰ্তমান 1-1 ত সমতা লাভ কৰি আছে ৷ অষ্ট্ৰেলিয়াই এডিলেইড টেষ্ট আৰু ভাৰতে মেলবৰ্ণ টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : জাতীয় সংগীত পৰিৱেশনৰ সময়ত আৱেগিক হৈ পৰিল ছিৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.