ETV Bharat / sports

আই পি এল 2020 ৰ প্ৰথম মেচত চেন্নাই চুপাৰ কিংছৰ জয়লাভ

author img

By

Published : Sep 20, 2020, 12:56 AM IST

Updated : Sep 20, 2020, 1:19 AM IST

CSK won 1st match of IPL2020
CSK won 1st match of IPL2020

বিগত বৰ্ষৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানচক হৰুৱাই আই পি এল 2020 ৰ প্ৰথমখন মেচত জয়ৰ সোৱাদ ল’লে চেন্নাই চুপাৰ কিংছে ৷ 5 উইকেটত পৰাস্ত ৰোহিত বাহিনী ৷

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ : আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2020 ৰ আৰম্ভণিৰ মেছত জয় লাভ চেন্নাই চুপাৰ কিংছৰ ৷ 2019 ৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক 5 উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ দলে ৷

CSK won 1st match of IPL2020
চেন্নাইৰ হাতত পৰাস্ত মুম্বাই

খেলখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই 162 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় মুম্বাই ইণ্ডিয়ানছে ৷ দলটোৰ হৈ সৌৰভ তিৱাৰীয়ে সৰ্বাধিক 42 ৰাণ আৰু কুইন্টন ডি ককে 33 ৰাণৰ বৰঙণি যোগায় ৷ আনহাতে দলটোৰ অধিনায়ক তথা অপেনাৰ বেটচ্ মেন ৰোহিত শৰ্মাৰ বেটিঙে কিছু পৰিমানে নিৰুৎসাহ কৰে দলৰ অনুৰাগীক ৷ ৰোহিতে 10 টা বল খেলি মাত্ৰ 12 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে সূৰ্যকুমাৰ যাদৱে 17, হাৰ্ডিক পাণ্ডিয়াই 14,কেইৰণ প’লাৰ্ডে 18 আৰু জেমচ্ পেটিনচনে 11 ৰাণ কৰিবলৈ সক্ষম হয় ৷ চেন্নাইৰ হৈ লাংগি নিগডিয়ে সৰ্বাধিক 3 টা আৰু দীপক চাহাৰ আৰু ৰবীন্দ্ৰ জাদেজাই দুটা কৈ উইকেট লাভ কৰে ৷ পীযুষ চাওলাই লাভ কৰে এটা উইকেট ৷

CSK won 1st match of IPL2020
মেন অৱ দ্য মেচ ৰাইডু

আনহাতে, খেনৰ দ্বিতীয়াৰ্ধত বেটিং কৰিবলৈ আহি মুম্বাই দলে বান্ধি দিয়া 163 ৰাণৰ লক্ষ্য অনুসৰণ কৰি প্ৰথমেই বিপদত পৰে চেন্নাই বাহিনী ৷ মাত্ৰ 6 ৰাণতে দুয়োজন অপেনাৰ বেটচ মেনক হেৰুওৱায় ৷ কিন্তু তাৰ পাচত দলক সন্তোষজনক স্থিতি লৈ আনে ফাফ ডু প্লেচিচ আৰু আম্বাতি ৰাইডুৱে ৷ ফাফ ডু প্লেচিচে 58 আৰু আম্বাতি ৰাইডুৱে 71 ৰাণৰ অনবদ্য বৰঙণি আগবঢ়াই দলটোৰ বিজয়ৰ মুখ্য ভূমিকা পালন কৰে ৷ ইয়াৰ লগতে ৰবীন্দ্ৰ জাদেজাই 10 ৰাণ আৰু চেম কুৰাণে 18 ৰাণৰ বৰঙণি যোগায় ৷ 19.2 টা বলত নিৰ্ধাৰিত 163 ৰাণৰ লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰে চেন্নাই দলে ৷ মুম্বাইৰ হৈ ট্ৰেট ব’ল্ট, জেমচ্ পেটিনচন, জশপ্ৰীট বুমৰাহ, কুনাল পাণ্ডিয়া আৰু ৰাহুল চাহাৰ প্ৰত্যেকেই এটাকৈ উইকেট লাভ কৰে ৷

CSK won 1st match of IPL2020
গেম চেঞ্জাৰ অৱ দ্য মেচ প্লেচিচ

চেন্নাই দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ফাফ ডু প্লেচিচক গেম চেঞ্জাৰ অৱ দ্য মেচ আৰু আম্বাতি ৰাউডুক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : পশ্চিম বংগ আৰু কেৰালাৰ পৰা 9 অল কায়দা সন্ত্ৰাসবাদীক আটক NIAৰ

Last Updated :Sep 20, 2020, 1:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.