ETV Bharat / bharat

পশ্চিম বংগ আৰু কেৰালাৰ পৰা 9 অল কায়দা সন্ত্ৰাসবাদীক আটক NIAৰ

author img

By

Published : Sep 19, 2020, 11:58 AM IST

9 Al-Qaeda terrorists arrested by NIA
9 অল কায়দা সন্ত্ৰাসবাদীক আটক NIAৰ

শনিবাৰে পশ্চিম বংগ আৰু কেৰালাৰ পৰা পাকিস্তানী অল কায়দাৰ 9 টাকৈ সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৷ সংস্থাটোৰ প্ৰবক্তাই জনোৱা অনুসৰি, আটকাধীন সন্ত্ৰাসবাদীৰ দলটোৱে ৰাজধানী দিল্লীৰ বহু মুখ্য প্ৰতিষ্ঠানত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ৷

নিউজ ডেস্ক, 19 ছেপ্তেম্বৰ: ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ NIAৰ বিস্ফোৰক মন্তব্য ৷ শনিবাৰে পশ্চিম বংগ আৰু কেৰালাৰ পৰা পাকিস্তানী অল কায়দাৰ 9 টা সন্ত্ৰাসবাদীক আটক কৰিছে তদন্তকাৰী সংস্থাটোৱে ৷

NIAই এৰ্নাকুলাম আৰু মুৰ্শ্বিদাবাদৰ বিভিন্ন অঞ্চলত অভিযান চলাই পুৱাৰ ভাগত পশ্চিম বংগৰ পৰা 6 টা আৰু কেৰালাৰ পৰা 3 টা অল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হয় ৷ সংস্থাটোৰ প্ৰবক্তাই সদৰি কৰা মতে, আটকাধীন সন্ত্ৰাসবাদী দলটোৱে ৰাজধানী দিল্লীৰ বহু মুখ্য প্ৰতিষ্ঠানত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ৷

অভিযানৰ সময়ত NIAই সন্ত্ৰাসবাদী কেইজনৰ পৰা কিছু ডিজিটেল সামগ্ৰী, নথি-পত্ৰ, জেহাদী সাহিত্য, চোকা অস্ত্ৰ, শৰীৰ কৱচ আৰু বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

9 Al-Qaeda terrorists arrested by NIA
9 অল কায়দা সন্ত্ৰাসবাদীক আটক NIAৰ

সন্ত্ৰাসবাদী কেইজনৰ ভিতৰৰ কেইজনমানে ধন সংগ্ৰহৰ কামত ব্যস্ত আছিল আৰু আন কেইজনমানে অস্ত্ৰ আৰু গোলা-বাৰুদৰ সৈতে দিল্লীলৈ ৰাওনাৰ বাবে প্ৰস্তুতি চলাই আছিল ৷

এৰ্নাকুলামৰ নিবাসী 3 সন্ত্ৰাসবাদী মুৰ্শ্বিদ হাছান, ইয়াকুব বিশ্বাস আৰু মোচৰাফ হুছেইন নামেৰে চিনাক্ত কৰা হৈছে ৷ আনহাতে, মুৰ্শ্বিদাবাদৰ পৰা বাকী থকা সন্ত্ৰাসবাদী কেইজনক নজমুচ চাকিব, আবু চুফিয়ান, মাইনুল মণ্ডল, লিঅ’ ইয়ান আহমেদ, অল মামুন কামাল আৰু আতিতুৰ ৰহমান নামেৰে চিনাক্ত কৰা হৈছে ৷

আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনক নিজৰ জিম্মাত ৰাখি কেৰালা আৰু পশ্চিম বংগৰ আদালতত হাজিৰ কৰাব আৰু তদন্ত অব্যাহত ৰাখিব বুলি NIA কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: সাংসদ,সংবাদ দাতাৰ বাবে বাধ্যতামূলক দৈনিক এন্টিজেন টেষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.