ETV Bharat / bharat

সাংসদ,সংবাদ দাতাৰ বাবে বাধ্যতামূলক দৈনিক এন্টিজেন টেষ্ট

author img

By

Published : Sep 18, 2020, 5:32 PM IST

সংসদ ভৱনত সাংসদ, সংবাদদাতা আৰু অন্যান্য কৰ্মচাৰীৰ মাজত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰট'কল অনুসৰি সংবাদদাতা,সংসদ কৰ্মচাৰীসকলে প্ৰতিদিনে বাধ্যতামূলক এন্টিজেন টেষ্ট কৰিব লাগিব ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশন
সাংসদ, সংবাদদাতাৰ বাবে বাধ্যতামূলক দৈনিক এন্টিজেন টেষ্ট

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : সংসদ ভৱনত সাংসদ, সংবাদদাতা আৰু অন্যান্য কৰ্মচাৰীৰ মাজত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰট'কল অনুসৰি সংবাদদাতা,সংসদ কৰ্মচাৰীসকলে প্ৰতিদিনে বাধ্যতামূলক এন্টিজেন টেষ্ট কৰিব লাগিব ৷

এগৰাকী সাংসদে নিজৰ ইচ্ছামতে যিমানবাৰ বিচাৰে RT-PCR টেষ্ট কৰিব পাৰে ৷ আনহাতে,লোকসভা আৰু ৰাজ্যসভাৰ প্ৰেছ গেলাৰীৰ পৰা বৰ্ষাকালীন অধিৱেশনৰ বাতৰি সংগ্ৰহ কৰি থকা সংবাদদাতা সকলকো RT-PCR টেষ্ট কৰাৰ সুবিধা প্ৰদান কৰা হৈছে ৷

যিহেতু অধিক নিৰ্ভৰযোগ্য RT-PCR ৰিপোৰ্টৰ বাবে অধিক সময় অপেক্ষা কৰিব লাগে সেয়েহে সকলোৰে বাবে এন্টিজেন টেষ্ট প্ৰতিদিনে কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

বিল সম্পৰ্কীয় আলোচনাৰ বাবে মন্ত্ৰীসকলৰ সৈতে উপস্থিত হোৱা চৰকাৰী কৰ্মচাৰীসকলেও 72 ঘন্টাৰ ভিতৰত কৰা RT-PCR টেষ্টৰ নেগেটিভ ৰিপোৰ্ট দেখুৱাব লাগিব ৷

উল্লেখ্য যে,কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী আৰু প্ৰহ্লাদ পেটেল ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ দুয়োগৰাকী নেতাই 14 ছেপ্তেম্বৰত চলিত অধিৱেশনত অংশগ্ৰহণ কৰিছিল ৷

ইয়াৰোপৰি অধিৱেশন আৰম্ভ হোৱাৰ সময়তে বহুকেইজন সাংসদ ক'ভিড-19 ত আক্ৰান্ত হোৱা বাবে অধিৱেশনত অংশগ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

লগতে পঢ়ক : ছত্তীশগড়ত পুনৰ নক্সালপন্থীৰ হাতত মৃত্যু CAF জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.