ETV Bharat / sports

কৰ্মলৈ উভতি আনন্দ প্ৰকাশ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

author img

By

Published : Nov 18, 2020, 1:51 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী
হাৰ্ডিক পাণ্ডিয়াৰ সৈতে ৰবি শাস্ত্ৰী

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে নিজৰ দায়িত্বলৈ উভতিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে ৷ ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে নিজৰ দায়িত্বলৈ উভতিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে ৷ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে সীমিত অ'ভাৰৰ মেচত অৱতীৰ্ণ হ'বৰ বাবে ভাৰতীয় দলে প্ৰশিক্ষণত ব্যস্ত হৈ থকাৰ মাজতে চ'ছিয়েল মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰে শাস্ত্ৰীয়ে ৷

উল্লেখ্য যে, ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ বুধবাৰে শাস্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে হাৰ্ডিক পাণ্ডিয়া, শিখৰ ধাৱান আৰু শ্বাৰদুল ঠাকুৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখে, "দায়িত্বলৈ উভতি আহিবলৈ পাই সুখী-@hardikpandya7 @SDhawan25, @imShard #TeamIndia #AUSvIND ৷"

বহু প্ৰতীক্ষিত ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজৰ বাবে 12 নৱেম্বৰৰ দিনা ছিডনীত উপস্থিত হয় ভাৰতীয় দলটো ৷ ইয়াৰ পাচতে দুসপ্তাহৰ বাবে আইশ্বলেশ্যনত আছে দলটো ৷ আনহাতে, দলৰ সকলো খেলুৱৈৰ ক'ভিড ৰিপোৰ্ট নেগেটিভ অহাৰ পাচতে 14 নৱেম্বৰৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷

অষ্ট্ৰেলিয়াৰ পিটছত পেচ আৰু বাউন্স বলৰ মুকাবিলা কৰিবৰ বাবে কে. এল. ৰাহুলে প্ৰথমে টেনিছ বলেৰে প্ৰশিক্ষণ কৰা দেখা পোৱা গৈছিল ৷ বিচিচিআইয়ে প্ৰকাশ কৰা এক ভিডিঅ'ত অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰাহুলক টেনিছ বলেৰে প্ৰশিক্ষণ লোৱা প্ৰত্যক্ষ কৰা হৈছিল ৷

ডিফেণ্ডিং চেম্পিয়ন হিচাপে চাৰিখনীয়া টেষ্ট মেচত অংশগ্ৰহণ কৰিবলগা ভাৰতীয় দলৰ বাবে এইবাৰৰ টেষ্ট মেচ বহু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব ৷ 2018-19 চনত দখল কৰা ছিৰিজৰ বাবে মঙলবাৰৰ পৰা দলটোৱে প্ৰশিক্ষণ আৰম্ভ কৰিছে ৷ অধিনায়ক কোহলীয়ে কেৱল প্ৰথমখন টেষ্ট মেচতহে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাচতে তেওঁ গৰ্ভৱতী পত্নী অনুষ্কা শৰ্মাৰ সৈতে সময় কটাবৰ বাবে ভাৰতলৈ উৰা মাৰিব ৷

লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া: কেন ৰিচাৰ্ডছনৰ পৰিৱৰ্তে দলত এন্দ্ৰিউ টাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.