ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া: কেন ৰিচাৰ্ডছনৰ পৰিৱৰ্তে দলত এন্দ্ৰিউ টাই

author img

By

Published : Nov 18, 2020, 1:24 PM IST

পত্নী আৰু নৱজাতক সন্তানৰ সৈতে সময় কটাবৰ বাবে অষ্ট্ৰেলিয়া স্কোৱাডৰ পৰা নাম প্ৰত্যাহাৰ কেন ৰিচাৰ্ডছনৰ ৷ তেওঁৰ পৰিৱৰ্তে দলত স্থান লাভ এন্দ্ৰিউ টাইৰ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
কেন ৰিচাৰ্ডছন

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : সোঁহতীয়া বেগী বলাৰ এন্দ্ৰিউ টাইয়ে কেন ৰিচাৰ্ডছনৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ স্কোৱাডত স্থান লাভ কৰিছে ৷ ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি-20 মেচৰ বাবে দলত স্থান লাভ কৰিছে টাইয়ে ৷

ক্ৰিকেট অষ্ট্ৰেলিয়াই (Cricket Australia) এক বিবৃতিত জানিবলৈ দিয়ে যে, পত্নী আৰু নৱজাতক সন্তানৰ সৈতে সময় কটাবৰ বাবে স্কোৱাডৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে কেন ৰিচাৰ্ডছনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচক ট্ৰেভৰ হোনছে বুধবাৰে কয়, "এয়া কেনৰ বাবে কঠিন সিদ্ধান্ত আছিল যদিও তেওঁ নিৰ্বাচক আৰু অষ্ট্ৰেলিয়াৰ সমগ্ৰ স্কোৱাডৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল ৷"

ভাৰত বনাম অষ্ট্ৰেলিয়া
এন্দ্ৰিউ টাই

তেওঁ কয়, "কেনে পত্নী নিকী আৰু সন্তানৰ সৈতে এডিলেইডত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে ৷ আমি সদায়ে খেলুৱৈ আৰু তেওঁলোকৰ পৰিয়ালক সমৰ্থন জনাই আহিছো, যিকোনো কঠিন পৰিস্থিতিতো আমি তেওঁলোকৰ সৈতে থিয় দিম ৷ তেওঁৰ দললৈ প্ৰদান কৰিবলগা অৱদান আমি মনত পেলাম যদিও তেওঁৰ সিদ্ধান্তক সন্মান জনাওঁ ৷"

চলিত বৰ্ষৰ প্ৰথমতে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অ'ভাৰৰ মেচত অংশগ্ৰহণ কৰা টাইয়ে বৰ্তমানলৈকে সাতখন এদিনীয়া আৰু 26 খন টি-20 মেচত অষ্ট্ৰেলিয়া দলক প্ৰতিনিধিত্ব কৰিছে ৷ এই মেচত তেওঁ ক্ৰমে 12 আৰু 37 টাকৈ উইকেট দখল কৰিছে ৷

মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই আকাশমাৰ্গেৰে এডিলেইডত অৱতৰণ কৰায় খেলুৱৈসকলক ৷ ইয়াৰ ফলত চহৰখনত স্থানীয় কৰ্তৃপক্ষই ব্যাপক প্ৰতিবন্ধকতা আৰোপ কৰিব লগা হয় ৷

উল্লেখ্য যে, ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : প্ৰাক্তন ভাৰতীয় পেচাৰ সুদীপ ত্যাগীৰ অৱসৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.