ETV Bharat / sports

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই

author img

By

Published : Mar 4, 2022, 8:09 PM IST

Updated : Mar 4, 2022, 8:17 PM IST

australian-cricket-icon-shane-warne-passes-away-at-52
কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেণ ৱাৰ্ণ আৰু নাই (Shane Warne is no more) ৷ শুকুৰবাৰে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকীৰ। সবিশেষ জানো আহক ৷

স্পোৰ্টচ ডেস্ক, 4 মাৰ্চ : অষ্ট্ৰেলিয়াৰ ক্ৰিকেট আইকন শ্বেণ ৱাৰ্ণ আৰু নাই (Shane Warne is no more) ৷ মাত্ৰ ৫২ বছৰ বয়সত শুকুৰবাৰে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকীৰ (Shane Warne dies of suspected heart attack) । ৱাৰ্ণৰ মেনেজমেণ্টে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমক দিয়া এক বিবৃতিত নিশ্চিত কৰি কয়, " শ্বেনক তেওঁৰ ভিলাত প্ৰতিক্ৰিয়াহীন অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসা কৰ্মী সকলৰ সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা স্বত্বেও তেওঁক সুস্থ কৰিব পৰা নগ'ল" । ৱাৰ্ণৰ পৰিয়ালে এই সময়ত গোপনীয়তা ৰক্ষাৰ অনুৰোধ কৰিছে ৷

  • Cannot believe it.
    One of the greatest spinners, the man who made spin cool, superstar Shane Warne is no more.
    Life is very fragile, but this is very difficult to fathom. My heartfelt condolences to his family, friends and fans all around the world. pic.twitter.com/f7FUzZBaYX

    — Virender Sehwag (@virendersehwag) March 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিশ্ব ক্ৰিকেটৰ ইতিহাসত ৱাৰ্ণক সৰ্বকালৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ লেগ স্পিনাৰ হিচাপে গণ্য কৰা হয় ৷ তেওঁ 708 টা টেষ্ট উইকেট দখল কৰি এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে, যোৱা সপ্তাহত কুইন্সলেণ্ডত হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকিপাৰ ৰড মাৰ্শ্বৰো মৃত্যু হৈছিল ৷ মাৰ্শ্বৰ মৃত্যুত এতিয়াৰে পৰা প্ৰায় 12 ঘন্টা আগত এটা টুইট কৰি ৱাৰ্ণে সমবেদনা প্ৰেৰণ কৰা দেখা গৈছিল ৷

লগতে পঢ়ক : Virat Kohli's 100th Test: ১০০ খন টেষ্ট খেলা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত বিৰাট কোহলী

Last Updated :Mar 4, 2022, 8:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.