ETV Bharat / sports

এছিয়া বেডমিন্টনৰ দ্বিতীয় ৰাউণ্ডত সিন্ধু, ছাইনা

author img

By

Published : Apr 24, 2019, 10:43 PM IST

ASIAN BADMINTON C'SHIPS

চীনৰ য়ুহানত অনুষ্ঠিত এছিয়া বেডমিন্টন চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে শীৰ্ষ ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধু আৰু ছাইনা নেহৱাল । পুৰুষৰ শাখাত বিশ্বৰ সমীৰ বৰ্মাইও জয় লাভ কৰাৰ লগতে পৰাস্ত হৈছে পুৰুষৰ দলীয় শাখাৰ অৰ্জুন আৰু ৰামছদ্ৰন শ্লোক ।

নিউজ ডেস্ক, ২৪ এপ্ৰিল: শীৰ্ষ ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধু আৰু ছাইনা নেহৱালে বুধবাৰে চীনৰ য়ুহানত অনুষ্ঠিত এছিয়া বেডমিন্টন চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে । অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী সিন্ধুয়ে জাপানৰ টাকাহাছি ছায়াকাক পোনপটীয়া ছেটত পৰাস্ত কৰে । ২৮ মিনিটৰ যুঁজত ২১-১৪, ২১-৭ ছেটত সিন্ধুৱে জাপানৰ প্ৰতিপক্ষক ধৰাশায়ী কৰে । পৰবৰ্তী মেচত তেওঁ ইণ্ডোনেছিয়াৰ কইৰোনিছাৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব । তেওঁৰ উপৰিও বিশ্বৰ নৱম ৰেংকিঙৰ ছাইনা নেহৱালে চীনৰ হান উইক ১২-২১, ২১-১১, ২১-১৭ ছেটত পৰাস্ত কৰে । লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক দখলকাৰী ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে পৰবৰ্তী মেচত দক্ষিণ কোৰিয়াৰ কিম ইউনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

ETV BHARAT
P. V. SINDHU

পুৰুষৰ শাখাত বিশ্বৰ ১৫ সংখ্যক স্থানৰ সমীৰ বৰ্মাই জাপানৰ ছাকাই কাজুমাছাক ২১-১৩, ১৭-২১, ২১-১৮ ছেটত পৰাস্ত কৰে । পৰবৰ্তী মেচত সমীৰে হংকঙৰ না কা অংগোছৰ বিৰুদ্ধে খেলিব । পুৰুষৰ দলীয় শাখাত ভাৰতৰ অৰ্জুন আৰু ৰামছদ্ৰন শ্লোক চীনৰ প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাস্ত হয় । মহিলাৰ দলীয় শাখাতো মেঘানা আৰু পুৰ্ভীছা এছ ৰাম থাই প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাস্ত হয় ।

ETV BHARAT
SAINA NEHWAL
SINDHU, SAINA ENTER SECOND ROUND OF ASIA BADMINTON

D4atuxNUUAAyjqt.jpg
Dz_CLlaVAAADVSx.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.