ETV Bharat / sports

অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে আশাবাদী শ্বাটলাৰ চিৰাগ ছেট্টী

author img

By

Published : Jun 1, 2020, 4:25 PM IST

লক ডাউনৰ মাজতেই ভাৰতীয় শ্বাটলাৰ চিৰাগ ছেট্টীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ । অলিম্পিক ইত্য়াদি বহু কেইটা বিষয়ত মন্তব্য প্ৰকাশ খেলুৱৈগৰাকীৰ ।

Exclusive: Shuttler Chirag Shetty confident of securing Olympic berth
Exclusive: Shuttler Chirag Shetty confident of securing Olympic berth

স্পৰ্টছ ডেস্ক, 1 জুন: সোমবাৰে মুম্বাইত কৰ'ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি,টকিঅ' অলিম্পিক বিভিন্ন বিষয়কলৈ ভাৰতীয় শ্বাটলাৰ চিৰাগ ছেট্টীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ । এই সাক্ষাৎকাৰতেই ডাব্লুছ বেডমিণ্টন খেলুৱৈগৰাকীয়ে সতীৰ্থ খেলুৱৈ সাতৱাইকাইৰাজ ৰানকিৰেড্ডীৰ বিষয়েও কিছু কথা অৱগত কৰে ।

অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে আশাবাদী শ্বাটলাৰ চিৰাগ ছেট্টী
অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে আশাবাদী শ্বাটলাৰ চিৰাগ ছেট্টী

বৰ্তমান সময়ত লক্ ডাউনৰ ফলতেই মুম্বাইত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ভাৰতৰ ডাব্লুছ বেডমিণ্টন খেলুৱৈগৰাকী । লক্ ডাউনৰ ফলত অনুশীলনত অসুবিধাৰ সন্মুখীন হৈছে যদিও খেলুৱৈগৰাকীয়ে বৰ্তমান সময়ত পুৱা আৰু সন্ধিয়া এঘণ্টাকৈ অনুশীলন কৰা বুলি অৱগত কৰে । এই অনুশীলনৰ মাজত থাকে যোগ আৰু শ্বাস-প্ৰশ্বাসৰ কিছু অনুশীলন । সন্ধিয়া ৪ বজাৰ পৰা ৫ বজালৈ পুৱা ভাগত কৰা অনুশীলনৰেই পুনৰাবৃত্তি কৰা বুলি অৱগত কৰে চিৰাগ ছেট্টীয়ে ।

ভাৰতীয় শ্বাটলাৰ চিৰাগ ছেট্টীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

অৱশ্যে জিম যোৱাতকৈ ঘৰতে অনুশীলন কৰাৰ বাবে বহু কেইটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলিও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।খেলুৱৈগৰাকীয়ে কয়, ঘৰতে অনুশীলন কৰাটো কঠিন হয় । মই বাহিৰলৈ ঘুৰি ফূৰা কৰা এজন লোক । বিভিন্ন প্ৰতিযোগিতাৰ বাবে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰি থাকিবলগীয়া হয় । বৰ্তমানে প্ৰায় দুমাহ ধৰি কৰ'ণা ভাইৰাছৰ লক্ ডাউনৰ ফলত আবদ্ধ হৈ থাকিবলগীয়াটো যথেষ্ট কষ্টকৰ বুলি উল্লেখ কৰি অতিশীঘ্ৰেই সকলো পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ পৰিণত হয় তাৰে আশা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে ।

আনহাতে ঘৰত অধিক বেডমিণ্টন খেলিবলৈ নোৱাৰাৰো কথা উল্লেখ কৰে চিৰাগে । প্ৰথমে চাদত বহু খেলিছিল যদিও ঘৰত এক উচিত বেডমিণ্টন মেচ খেলা সম্ভৱ নহয় বুলি কয় শ্বাটলাৰগৰাকীয়ে ।

আনহাতে নিজৰ সংগী খেলুৱৈ ৰানকিৰেড্ডীৰ বিষয়ে চিৰাগে কয়, আমি দুয়ো একোজন ভাল বন্ধু । মোৰ বোধৰে কৰ্টত অধিক বুজিবলৈ কৰ্টৰ বাহিৰতো বন্ধুত্ব গঢ়ি উঠাটো জৰুৰী । ফোন আৰু হোৱাটছএপ্ ত প্ৰায়ে আমাৰ মাজত কথা-বাৰ্তা হৈ থকা বুলি প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ।

ইপিনে টকিঅ' অলিম্পিক স্থগিত হোৱা খবৰত অতিকৈ মৰ্মাহত হোৱা বুলি মন্তব্য প্ৰকাশ কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে আশাবাদী বুলি কয় ভাৰতীয় শ্বাটলাৰ চিৰাগ ছেট্টীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.