ETV Bharat / sitara

নতুন ৰূপত সত্ৰ নগৰীঃ জাকজমকীয়া সংগীতানুষ্ঠানৰে জীপাল মাজুলী

author img

By

Published : Nov 16, 2019, 2:19 PM IST

মাজুলীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই মিউজিক ফেষ্টিভেল অন্ত পৰিব ১৭ নৱেম্বৰত ৷

মাজুলীত মিউজিক ফেচটিভেল

মাজুলী, 16 নৱেম্বৰঃ আপুনি বাৰু সংগীত প্ৰেমী নেকি ! অথবা আপুনি পশ্চিমীয়া দেশৰ দৰে কিম্বা শ্বিলঙত অনুষ্ঠিত হোৱা NH 7 দৰে সংগীত উপভোগ কৰি ভাল পায় নেকি ! তেন্তে এতিয়াৰে পৰা আপুনি অন্য ক'তো যোৱাৰ প্ৰয়োজন নাই ৷ কাৰণ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ নদীদ্বীপ মাজুলিৰ গ্ৰাম্য পৰ্যটন, আৰ্থ সামাজিক, আৰু সাংস্কৃতিক ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ বাবে ১৫ পৰা ১৭ নৱেম্বৰলৈ চলিব এই মিউজিক ফেষ্টিভেল

জাকজমকীয়া সংগীতানুষ্ঠানৰে জীপাল মাজুলি


মূলতঃ মাজুলিবাসীৰ জীৱন প্ৰণালী, আৰ্থ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰাক মিউজিক ফেষ্টিভেলৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ মিউজিক ফেষ্টিভেলৰ অনুষ্ঠিত হোৱাৰ পূৰ্বেই শুকুৰবাৰে মাজুলীত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাটোৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷

লগতে পঢ়োকঃবজালীৰ ৰাসথলীত টীম প্ৰতিঘাত

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা এই মিউজিক ফেষ্টিভেলৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী যাদৱ পায়েং ৷

উদ্যোগতাৰ ভাষ্য


আন্তঃৰাষ্টীয় শিল্পী গুৰু ৰেৱেন মাচাংগা, কল্যান বৰুৱা, যতীন শৰ্মা , নিলোৎপল বৰা, গল্ডী সোহেল, সুৰেশ যোশী, শংকুৰাজ প্ৰডাক্ট বাৰ্তালাপ, অভি শইকীয়া, বায়' এণ্ড মিৰি ব্ৰেণ্ড ,আইলেণ্ড ৱাৰিয়ৰ, এলব' নাগা, কাল্টিভেটৰচ, অভিলাস চৌধুৰী , ইষ্টাৰ্ণ ঢোল প্লেয়াৰচ , ৰেইন ইন চাহাৰা, মনিৰাজ হাজৰিকাকে ধৰি বহুতো জনপ্ৰিয় শিল্পী তথা বেণ্ডে পৰিৱেশন কৰিব সংগীত ৷ সম্পূৰ্ণ প্ৰাকৃতিক বাতাবৰণৰ মাজত টম্বুৰ তলত পৰ্যটকসকলৰ নৈশ যাপনৰ বাবে ব্যৱস্থা কৰাৰ লগতে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ , নৌকা বিহাৰৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো প্ৰদৰ্শিত হৈছে মিউজিক ফেষ্টিভেলত ৷

নতুন ৰূপত সত্ৰ নগৰী
Intro:Slg - Majuli music Fastival

মাজুলী মিউজিক ফেচটিভেল আৰম্ভ ।

V. O: সত্ৰিয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ আকাশ বতাহ শাৰদীয় মহোৎসৱ শ্ৰী কৃষ্ণৰ ৰাস লীলা শেষ হোৱাৰ লগে লগে নদীদ্বীপ মাজুলীৰ গ্ৰাম্য পৰ্যতন, আৰ্থ সামাজিক আৰু সাংস্কৃতিক আদি সৰ্বতো প্ৰকাৰৰ উন্নয়ন তথা বিকাশৰ উদ্যেশ্য আগত ৰাখি শুক্ৰবাৰৰ পৰা মাজুলী মিউজিক ফেচটিভেল ফাউণ্ডেচনৰ উদ্যাগত উজনি মাজুলীৰ খেৰকটিয়াৰ নদীৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিবেশেত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাজুলী সংগীত মহোৎসৱৰ ৷ যুৱ ব্যৱসায়ি বিতুপন দলেৰ নেতৃত্বত জেনেস্ক এফ ছিয়ে প্ৰদান কৰা আদৰনি টোৰন উদ্ধোধনৰ পিছত জিলাখনত পোন প্ৰথমবাৰৰ বাবে ১৫ পৰা ১৭ নৱেম্বৰলৈ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাজুলী সংগীত মহোৎস ৷ নদীদ্বীপটোৰ সমস্যাৰাজিৰ লগতে ইয়াৰ আৰ্থ সামাজিক দিশ, সাংস্কৃতিক বৈচিত্ৰতা আৰু লোকসকলৰ জীৱন ধাৰন প্ৰনালীক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাৰ অনন্য প্ৰয়াস কৰা হৈছে ৷ পুৱা মিছিং, দেউৰী, সোনোৱাল কছাৰীকে ধৰি বিভিন্ন সাংস্কৃতিক দলক লৈ এক বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা অনুষ্ঠিত হয়, এই শুভাযাত্ৰৰ শুভউদ্ধোধন কৰে শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ জাতি জনগোষ্ঠীৰ বাবে সমন্বয়ৰ বাৰ্তা লৈ সংগীত মহোৎসৱৰ মঞ্চ উদ্ধোধন কৰে অৰন্য মানৱ যাদৱ পায়েং । এই মহোৎসৱত আন্তৰাষ্টীয় শিল্পী গুৰু ৰেৱেন মাচাংগা, কল্যান বৰুৱা, যতীন শৰ্মা , নিলোৎপল বৰা, গল্ডী সোহেল, সুৰেশ যোশী, শংকুৰাজ প্ৰডাক্ট বাৰ্তালাপ, অভি শইকীয়া, বায়' এণ্ড মিৰি ব্ৰেণ্ড ,আইলেণ্ড ৱাৰিয়ৰ, এলব' নাগা, কাল্টিভেটৰচ, অভিলাস চৌধুৰী , ইষ্টাৰ্ণ ঢোল প্লেয়াৰচ , ৰেইন ইন চাহাৰা, মনিৰাজ হাজৰিকাকে ধৰি বহুতো জনপ্ৰিয় শিল্পী ব্ৰেণ্ড । সম্পূৰ্ন প্ৰাকৃতিক পৰিবেশত টম্বুৰ তলত পৰ্যটকসকলৰ নৈশ যাপনৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ , নৌকা বিহাৰ , পেৰাস্লাইডিংৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো পৰ্দশিত হব ৷

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.