ETV Bharat / sitara

মিছ এছিয়া পেচিফিকলৈ অসমৰ যুৱতী

author img

By

Published : Aug 29, 2019, 2:15 AM IST

মিছ এছিয়া পেচিফিকলৈ অসমৰ যুৱতী

শেষ বাৰলৈ ২০০০ চনত ভাৰতৰ দিয়া মিৰ্জাই লাভ কৰিছিল মিছ এছিয়া পেচিফিক ইন্টাৰনেছনেলৰ সন্মান । ১৯ বছৰৰ পাছত খিতাপ দখলৰ লক্ষ্যৰে ফিলিপাইনছলৈ ৰাওনা হ'ব অসমৰ যুৱতী মনালিছা চনা ।


নিউজ ডেস্ক,২৯ আগষ্টঃ অসমৰ মডেলিং জগতলৈ সু খবৰ । ফিলিপাইনছত অহা ৯ অক্টোবৰত অনুষ্ঠিত হ'ব লগীয়া 51 সংখ্যক মিছ এছিয়া পেচিফিক ইন্টাৰনেছনেল-২০১৯ ৰ বাবে মনোনীত হৈছে এগৰাকী অসমীয়া যুৱতী । প্ৰায় দুশ খন দেশৰ মডেলে অংশ লবলগীয়া এই প্ৰতিযোগিতা খনলৈ নিৰ্বাচিত হৈছে অসমৰ লখিমপুৰ জিলা দলহাট অঞ্চলৰ যুৱতী মনালিছা চনা । চেন্নাইত অনুষ্ঠিত অডিচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগী সকলৰ মাজৰ পৰা নিৰ্বাচিত হয় মনালিছা চনা । মডেলৰ লগতে নাৰ্চৰ প্ৰশিক্ষক ৰূপেও কৰ্মৰত মনালিছা ।

উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে উক্ত প্ৰতিযোগিতা খনত ভাৰতক প্ৰতিনিধিত্ব কৰি চূড়ান্ত প্ৰতিযোগীৰ খিতাপ দখল কৰিছিল জিনাত আমান আৰু দিয়া মিৰ্জাই । শেষবাৰলৈ ২০০০ চনত দিয়া মিৰ্জাই এই সন্মান লাভ কৰাৰ পাচত সুদীৰ্ঘ ১৯ বছৰৰ পাছত খিতাপ দখলৰ লক্ষ্যৰে ফিলিপাইনছলৈ ৰাওনা হ'ব মনালিছা ।

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.