ETV Bharat / sitara

Best picture in Oscar 2022: CODA লৈ অস্কাৰ ২০২২ ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা

author img

By

Published : Mar 28, 2022, 1:34 PM IST

CODA ছবিখনে ৯৪ তম একাডেমী এৱাৰ্ড্ছত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে (Best picture in Oscar 2022) ৷ ইয়াৰ লগতে ছবিখনে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ বঁটাও লাভ কৰে ৷ ছবিখনত অভিনয় কৰা ট্ৰয় কট্চুৰে CODA ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহঅভিনেতাৰ বঁটা লাভ কৰে (Oscar awards 2022) ৷

Best picture in Oscar 2022
CODA লৈ অস্কাৰ ২০২২ ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা

চিটাৰা ডেস্ক, 28 মাৰ্চ: অস্কাৰত জিলিকিল বোলছবি CODA ৷ ফৰাচী ছবি La Famille Belier ৰ ইংৰাজী ভাষাত পুনৰ নিৰ্মাণ কৰা CODA ছবিখনে লাভ কৰিলে তিনিটাকৈ বঁটা ৷ অস্কাৰ 2022 ৰ বঁটা বিতৰণী অনুষ্ঠানত CODA লৈ আহিল শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান ৷ সমান্তৰালকৈ আৰু দুটা বঁটাৰে সন্মানিত হ’ল CODA ৷ সেয়া ক্ৰমান্বয়ে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য (Best Adapted Screenplay) আৰু শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা (Oscar awards 2022) ৷

CODA ছবিখনৰ অভিনেতা ট্ৰয় কট্চুৰে আঁজুৰি আনিলে শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা (Best supporting actor in Oscar 2022) ৷ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ মনোনয়নৰ দৌৰত CODA ৰ সৈতে ফেৰ মৰা আন কেইখন ছবি আছিল 'বেলফাষ্ট', 'ডণ্ট লুক আপ', 'ড্ৰাইভ মাই কাৰ', 'ডুন', 'কিং ৰিচাৰ্ড', 'লিকোৰিচ পিজ্জা', 'নাইটমেয়াৰ এলি', 'দ্য পাৱাৰ অফ দ্য ডগ' আৰু 'ৱেষ্ট চাইড ষ্টোৰী' (Oscar 2022 best picture nominations) ৷ চিয়ান হেডাৰে পৰিচালনা কৰা ছবিখন এখন কমেডি ড্ৰামা ৷

2014 চনৰ ফৰাচী ছবি La Famille Belier ৰ আধাৰত ইংৰাজী ভাষাত CODA ছবি খন নিৰ্মাণ কৰা হৈছিল ৷ ছবিখনত এমিলিয়া জনছ্ক শ্ৰৱণ শক্তি নথকা পৰিয়াল এটাৰ একমাত্ৰ শ্ৰৱণ শক্তি থকা সন্তান হিচাপে উপস্থাপন কৰা হৈছে ৷ ছবিখনত এমিলিয়াৰ সংঘৰ্ষক দেখুওৱা হৈছে ৷ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ পৰিয়ালৰ মাছ ধৰা ব্যৱসায়ত মন দিয়াৰ লগতে নিজৰ সপোন বোৰ পূৰাবলৈ এমিলিয়াই কি দৰে সংঘৰ্ষ কৰিবলগীয়া হয় সেইয়াই ছবিখনৰ মূল বিষয়বস্তু ৷

লগতে পঢ়ক: Lakme Fashion Week ত ভিন্ন ৰূপত ওলোৱা তাৰকাসকলক চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.