ETV Bharat / sitara

Kat-Vick wedding Day : আজি বিয়াত বহিব কেটৰিণা-বিকী

author img

By

Published : Dec 9, 2021, 1:56 PM IST

katrina kaif vicky kaushal wedding Day
700 বছৰ পুৰণি বৰৱাৰা দূৰ্গ

বহু যুৱকৰ হৃদয় ভাঙি আজি বিকী কৌশলৰে বিয়াত বহিব বলীউডৰ অভিনেত্ৰী কেটৰিণা কাঈফ ৷ ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৰাজস্থানত ৷ প্ৰায় 700 বছৰ পুৰণি 6 ছেনছেছ ফ’ৰ্ট হোটেলত বিবাহৰ বান্ধোনত বান্ধ খাব বিকী আৰু কেটৰিণাই ৷ ৰাজকীয় কায়দাৰে অভ্যৰ্থনা কৰা হ’ব অতিথিক ৷

চিটাৰা ডেস্ক, 9 ডিচেম্বৰ : আজি বিকী কৌশলৰে বিয়াত বহিব বলীউডৰ অভিনেত্ৰী কেটৰিণা কাঈফে ৷ বলীউডৰ এই যুঁটিটোৰ ওপৰত বৰ্তমান দৃষ্টি নিৱদ্ধ হৈ আছে অনুৰাগীসকলৰ ৷ ইতিমধ্যে 6 ডিচেম্বৰৰ পৰা বিকী-কেটৰ বিবাহৰ পৰম্পৰা আৰম্ভ হৈছে ৰাজস্থানত ৷

Katrina Vicky wedding
নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰা নাই বিকী-কেটে

বহুচৰ্চিত ৰাজকীয় কায়দাৰ বিয়াখন অনুষ্ঠিত হ’ব ৰাজস্থানৰ 6 ছেনছেছ ফ’ৰ্ট হোটেলত ৷ Pre-wedding ৰ পৰা আৰম্ভ কৰি Post-wedding লৈকে সকলো আয়োজনৰে ঐতিহাসিক বৰৱাৰা দূৰ্গটো 12 ডিচেম্বৰলৈকে বুক কৰিছে দুয়োটা পৰিয়ালে ৷

বুধবাৰে হালধিৰ সময়ত দুয়োগৰাকী তাৰকাকে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে হালধি সনা দেখা যায় ৷ হালধিৰ সময়ত বিকীয়ে পৰিধান কৰিছিল ইষৎ হালধীয়া ৰঙৰ এটা কুৰ্তাৰ লগতে বগা পায়জামা ৷ কেটৰিণায়েও পৰিধান কৰে এখন হালধীয়া শাৰী ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্বামীৰ সৈতে অভিনেত্ৰী নেহা ধুপিয়া, পত্নী মিনি মাথুৰৰ সৈতে কবীৰ খান, অভিনেত্ৰী সৰবৰী বাগ, পৰিচালক বিজয় ভূষণ আচাৰ্য, পাঞ্জাৱী কণ্ঠশিল্পী গুৰদাস মান আদি ৷

Katrina Vicky wedding
আলোকেৰে সু-সজ্জিত বৰৱাৰা দুৰ্গ

বৰৱাৰা দূৰ্গটো 1400 শতিকাতে ৰাজপুতসকলে নিৰ্মাণ কৰি উলিয়াইছিল ৷ দূৰ্গটোত এইখনে বিগ বাজেটৰ প্ৰথম বিবাহৰ অনুষ্ঠান ৷ হিন্দু ৰীতি-নীতিৰে 9 ডিচেম্বৰৰ সন্ধিয়া 6 বজাত বিকী-কেটে বিবাহপাশত আৱদ্ধ হ’ব ৷ বলীউডৰ বহু নামী-দামী তাৰকা এই ৰাজকীয় বিবাহ অনুষ্ঠানত উপস্থিত থাকিব ৷ কিন্তু অতিথিসকলৰ বাবে বিকী-কেটে বিশেষ কোড ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷

অতি কঠোৰ নীতি-নিয়মৰ মাজেৰে VicKat ৰ বিয়াখন অনুষ্ঠিত কৰা হৈছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰা নাই বিকী-কেটে ৷ কোনো নিমন্ত্ৰিত অতিথিয়ে যাতে ম’বাইল ফোনেৰে বিয়াৰ ফটো বা ভিডিঅ’ প্ৰকাশ কৰিব নোৱাৰে, তাৰ প্ৰতিও বিশেষ নজৰ ৰখা হৈছে ৷

Katrina Vicky wedding
আজি বিয়াত বহিব কেটৰিণা-বিকী

মুঠৰ ওপৰত বলীউডৰ ইতিহাসত এইখন সৰ্বাধিক ব্যতিক্ৰমী বিয়া হিচাপে অনুৰাগীসকলৰ মাজত চৰ্চিত হৈ আছে ৷

লগতে পঢ়ক : বিবাহৰ পূৰ্বেই বিকী-কেটৰিণাৰ বিৰুদ্ধে অভিযোগ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.