ETV Bharat / sitara

কভিড-19ৰ সাহাৰ্য পুঁজিত দান নিদিয়াক লৈ ৰাইজে কৰা অভিযোগৰ প্ৰত্যুত্তৰ সোণাক্ষী সিনহাৰ

author img

By

Published : Apr 1, 2020, 7:27 PM IST

প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পুঁজিত দান নিদিয়া বুলি একাংশই কথাৰে থকা সৰকা কৰিছে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহাক, কিন্তু আচলতে প্ৰকৃত সত্যটো কি ? কি ক'লে অভিনেত্ৰীগৰাকীয়ে ?

Sonakshi's piquant reply to trolls on her contribution to COVID-19 fund
ৰাইজৰ অভিযোগৰ প্ৰত্যুত্তৰ সোণাক্ষী সিনহাৰ

চিটাৰা ডেস্ক,1 এপ্ৰিলঃ দেশত এতিয়া কৰ'ণাৰ আতংক ৷ গৃহবন্দী হৈ আছে সকলো ৷ বন্দীত্বৰ মাজতে বহুজনে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰলৈ সাহাৰ্য পুঁজি আগবঢ়াইছে কৰ'ণাৰ লগত যুঁজি দিবৰ বাবে ৷ বহুজনে সহায় কৰিছে লক ডাউনৰ সময়ত দৰিদ্ৰ সকলক ৷ অক্ষয় কুমাৰ, বৰুণ ধাৱান, কাৰ্তিক আৰিয়ান, কেটৰিণা কাঈফ, চাৰা আলি খানৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে সহায় কৰিছে নিজৰ তৰফৰ পৰা ৷

  • Minute of silence for trolls who think that just because it wasn't announced,contributions weren't made.Neki kar dariya mein daal,suna toh hoga?Kuch log actually follow karte hai!Ab shaant ho jao & use ur time 2 do some actual good(announcing or not is a personal preference)😊

    — Sonakshi Sinha (@sonakshisinha) March 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে অভিনেত্ৰী সোণাক্ষী সিনহাই দান বৰঙণি নিদিয়াৰ বাবে সমালোচনা কৰিছে একাংশই ৷ একাংশই কথাৰে ক্ষোভ উজাৰিছে চ'ছিয়েল মিডিয়াযোগে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ মুখ খুলিলে এই সন্দৰ্ভত ৷ টুইটযোগে তেওঁ লিখে যে, তেওঁ এক মিনিট মৌন প্ৰাৰ্থনা কৰিছে তেওঁলোকৰ বাবে যি সকলে তেওঁ দান দিয়া কথাটো ঘোষণা নকৰাৰ বাবে তেওঁ দান নাই দিয়া বুলি ভাবি লৈছে ৷ লগতে তেওঁ লিখে যে কিছুমান মানুহে কাম কৰিলে জহাই ফুৰিবলৈ বেয়া পায় ৷ এই কথা কিছুমানে অনুকৰণ কৰে বুলি কৈ নিজৰ প্ৰাসংগিকতাকে বুজাবলৈ চেষ্টা কৰে অভিনেত্ৰীগৰাকীয়ে ৷

  • T 3484 -एक ने दिया और कह दिया,कि दिया,
    दूसरे ने दिया और कहा नहीं,कि दिया,
    दूसरी श्रेणी में ही रहने दो मुझे ऐ प्रीयजन
    जिसे मिला, वो क्या जाने किसने दिया; जानो उसका बस करुण क्रंदन।
    इन हालातों में और क्या कहा जाए ,
    जो जानें मुझे,जानें, मैं तो सदा स्वभाव से ही रहा हूँ कमसुख़न ! pic.twitter.com/0S8uRBOVIC

    — Amitabh Bachchan (@SrBachchan) March 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোণাক্ষীৰ উপৰিও মেগাষ্টাৰ অমিতাভ বচ্চনকো দৰিদ্ৰ জনসাধাৰণক সহায় নকৰা বুলি সমালোচনা কৰা হৈছিল ৷ তেওঁ ইয়াৰ সঠিক প্ৰত্যুত্তৰ দি মানুহৰ মুখ বন্ধ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃ পদপথৰ জীৱ জন্তুলৈ সহায়ৰ হাত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.