ETV Bharat / sitara

যাৰ নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে তেওঁহে বঁটা বিচাৰেঃ চলমান খান

author img

By

Published : Feb 17, 2020, 7:59 PM IST

salman khan
চলমান খান

শেহতীয়াকৈ যথেষ্ট ভাইৰেল হৈছে চলমান খানৰ এটা পুৰণা ভিডিঅ' ৷ য'ত চলমান খানে তেওঁ নিজে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কাৰণ প্ৰকাশ কৰিছে ৷

চিটাৰা ডেস্ক,17ফেব্ৰুৱাৰীঃ দুদিনপূৰ্বে অনুষ্ঠিত হৈছিল ফিল্মফেয়াৰ এৱাৰ্ড ৷ বিগত কেইদিনত চলমান খানে ফিল্মফেয়াৰ এৱাৰ্ড বয়কট কৰা খবৰে শিৰোনাম দখল কৰিছিল বি-টাউনত ৷ শেহতীয়াকৈ যথেষ্ট ভাইৰেল হৈছে চলমান খানৰ এটা পুৰণা ভিডিঅ' ৷ য'ত চলমান খানে তেওঁ নিজে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কাৰণ প্ৰকাশ কৰিছে ৷

এই ভিডিঅ'টো প্ৰকৃততে বহু বছৰ পুৰণি ৷ য'ত অভিনেতাগৰাকীয়ে ব্যক্ত কৰিছে ," মই ভাবো যাৰ নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে , তেওঁহে এৱাৰ্ড বিচাৰে ৷ মই কোনোধৰণৰ মেগাজিনে অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানলৈ নাযাওঁ ৷ অৱশ্যে নেশ্যনেল এৱাৰ্ড যথেষ্ট সন্মানজনক হয় ৷ সেই বঁটাগ্ৰহণ অনুষ্ঠানলৈ মই যাম ৷ "

এই ভিডিঅ'টো এনেকুৱা এটা সময়ত ভাইৰেল হৈছে যিটো সময়ত ফিল্মফেয়াৰৰ দৰে বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হৈছে ৷ চলমান খানে যদিও এনেধৰণৰ কথা পূৰ্বতে ব্যক্ত কৰিছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁক বহুবাৰ এৱাৰ্ড অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়কঃমুক্তি পালে তেজছ ছবিৰ নতুন লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.