ETV Bharat / sitara

মুক্তি পালে তেজছ ছবিৰ নতুন লুক

author img

By

Published : Feb 17, 2020, 6:49 PM IST

ছবিখনত আই.এ.এফ পাইলটৰ ৰূপত দেখিবলৈ পোৱা যাব কংগনা ৰাণাৱতক ৷ ছবিখনত সাহসী পাইলটৰ চৰিত্ৰ ৰূপায়ন কৰিব কংগনা ৰাণাৱতে ৷

Tejas first look: Kangana to play IAF pilot in military drama
তেজছ ছবিৰ নতুন লুক

চিটাৰা ডেস্ক,17 ফেব্ৰুৱাৰীঃ মুক্তি পালে কংগনা ৰাণাৱতৰ আহিবলগা ছবি তেজছৰ প্ৰথম লুক ৷ সৰ্বেশ মেৱৰাৰ দ্বাৰা নিৰ্দেশিত ছবিখনত অভিনেত্ৰীগৰাকীক ভাৰতীয় বায়ু সেনাৰ এগৰাকী সাহসী পাইলটৰ ৰূপত দেখিবলৈ পোৱা যাব ৷

শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ প্ৰথমটো লুক ৷ পাৱাৰহাউচ অভিনেত্ৰীগৰাকীক আগন্তুক সেনানী ড্ৰামাৰ এই ছবিখনত এগৰাকী আই.এ.এফ পাইলটৰ ৰূপত দেখিবলৈ পোৱা যাব ৷ য'ত বায়ু সেনা গৰাকীৰ মূলমন্ত্ৰ " নিজতকৈ আগত দেশ " ৷

ৰ'ণি স্ক্ৰুৱালাৰ RSVPৰ বেনাৰত নিৰ্মাণ হ'ব এই তেজছ ছবিখন ৷ উল্লেখ্য যে, এই RSVPৰ বেনাৰতে বিগত বৰ্ষত নিৰ্মাণ হৈছিল - উৰি , দ্য সাৰ্জিকেল ষ্ট্ৰাইক নামৰ জনপ্ৰিয় ছবিখন ৷

ছবি নিৰ্মাতাই ছবিখনৰ চ'ছিয়েল মিডিয়া একাউন্টযোগে শ্বেয়াৰ কৰে ছবিখনৰ প্ৰথম লুক ৷ কংগনাৰ এই বিশেষ লুকটো প্ৰকাশ কৰাৰ লগে লগে কেপচনত লিখে, "Soaring high into the sky! Presenting the first look of #KanganaRanaut as an Air force Pilot in #Tejas."

কংগনা ৰাণাৱতে ব্যক্ত কৰিছিল যে, তেওঁ সশস্ত্ৰ বাহিনীক যথেষ্ট সন্মান কৰে , কাৰণ তেওঁৰ মতে, সশস্ত্ৰ বাহিনীয়ে আমাক আৰু আমাৰ দেশখনক সুৰক্ষিত কৰি ৰাখিছে ৷ ছবিখনত কংগনাই পাইলটৰ ভূমিকা ৰূপায়ন কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰশিক্ষণৰ মাজেৰে যাব লগা হৈছে ৷ ইয়াৰ বাবে নিৰ্দেশকে পেচাগত প্ৰশিক্ষকৰ দ্বাৰা অভিনেত্ৰীগৰাকীক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ জানিব পৰা মতে, আগন্তুত জুলাই মাহত ছবিখনে ছবিগৃহত প্ৰৱেশ কৰিব ৷

লগতে পঢ়কঃলেকমি ফেশ্যন ৱিকত ষ্টানিং ৰূপত কৰীণা কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.