ETV Bharat / sitara

Salman Khan bitten by Snake: অভিনেতা ছলমান খানক দংশন কৰিলে সাপে

author img

By

Published : Dec 26, 2021, 5:34 PM IST

Salman Khan bitten by snake
সৰ্পই দংশন কৰে অভিনেতা ছলমান খানক

বলীউডৰ তাৰকা ছলমান খানৰ ফাৰ্ম হাউছত অভিনেতাগৰাকীক সৰ্পই দংশন কৰে (Salman Khan bitten by snake)। লগে লগে সুৰক্ষা কৰ্মী আৰু পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় । ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ অভিনেতাগৰাকীক ।

চিটাৰা ডেস্ক,২৬ ডিচেম্বৰ : সৰ্পই দংশন কৰিলে বলীউডৰ তাৰকা ছলমান খানক (Salman Khan bitten by snake)। তাৰকাগৰাকীৰ পানভেলস্থিত ফাৰ্ম হাউছত থকাৰ সময়তে সাপে দংশন কৰে অভিনেতাগৰাকীক । জানিব পৰা মতে সম্প্ৰতি সুস্থ অভিনেতাগৰাকী ।

উল্লেখ্য যে, ২৭ ডিচেম্বৰত অভিনেতাগৰাকীৰ জন্মদিন । শনিবাৰে বিগ বছ-১৫ত (Big Boss-15) ৰাজামৌলীৰ ছবি আৰ.আৰ.আৰৰ (RRR) কলা-কুশলীৰ সৈতে তেওঁ প্ৰাক জন্মদিনো পালন কৰে । জন্মদিনৰ এদিন পূৰ্বে অভিনেতাগৰাকীক সাপে দংশন কৰাত পৰিয়াল আৰু অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সূত্ৰৰ মতে, ডাঠ বনাঞ্চলৰ মাজত থকা ফাৰ্ম হাউছটোলৈ ছলমান খান প্ৰায়ে উৎসৱৰ সময়ত যায় । জন্মদিনৰ প্ৰাকক্ষণতো অভিনেতাগৰাকী তালৈ গৈছিল । ইফালে সাপে দংশন কৰাৰ লগে লগে তেওঁক চিকিৎসাৰ বাবে মুম্বাইৰ কামোঠে অঞ্চলৰ এমজিএম হাস্পতাললৈ লৈ যোৱা হৈছিল । জানিব পৰা মতে তেওঁক দংশন কৰা সাপটো বেছি বিষাক্ত নাছিল ।

লগতে পঢ়ক :Salmans Pre Birthday celebration at BB house: টিম RRR ৰ সৈতে আগতীয়াকৈ জন্মদিন উদযাপন চলমান খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.