Salmans Pre Birthday celebration at BB house: টিম RRR ৰ সৈতে আগতীয়াকৈ জন্মদিন উদযাপন চলমান খানৰ

author img

By

Published : Dec 25, 2021, 2:24 PM IST

Salmans Pre Birthday celebration at BB house
টিম RRR ৰ সৈতে আগতীয়াকৈ জন্মদিন উদযাপন চলমান খানৰ ()

বিগ বছ 15 ৰ হাউচত Pre-Birthday celebration চলমানৰ (Salmans pre birthday bash with team RRR) ৷ সোমবাৰে 56 বছৰীয়া হ‘ব অভিনেতাজন ৷

চিটাৰা ডেস্ক, 25 ডিচেম্বৰ : বলীউডৰ চুপাৰষ্টাৰ চলমান খানে সোমবাৰে 56 বছৰত ভৰি দিব ৷ 'বিগ বছ 15' ৰ ছেটত বিগ বছৰ পৰিয়ালবৰ্গ আৰু টিম ‘RRR’ ৰ সৈতে অভিনেতাজনে উদযাপন কৰে Pre-Birthday ৷

আগন্তুক খণ্ডত দৰ্শকে চলমানে আগতীয়াকৈ তেওঁৰ জন্মদিন উদযাপন কৰা দেখিবলৈ পাব (Salmans pre birthday bash with team RRR) ৷ বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট্, জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু পৰিচালক এছ.এছ. ৰাজামৌলীয়ে তেওঁলোকৰ আহিবলগীয়া ছবি আৰ.আৰ.আৰ.ৰ প্ৰচাৰৰ বাবে 'বিগ বছ 15' ৰ ছেটলৈ যায় ৷

Salmans Pre Birthday celebration at BB house
টিম RRR ৰ সৈতে আগতীয়াকৈ জন্মদিন উদযাপন চলমান খানৰ

আগন্তুক 'বিগ বছ 15' ৰ খণ্ড মুকলি কৰিব আলিয়াই ৷ চলমানৰ আহি থকা জন্মদিনৰ বাবে আগতীয়াকৈ birthday song গাই তেওঁক মঞ্চলৈ নিমন্ত্ৰণ জনায় অভিনেত্ৰী গৰাকীয়ে ৷ আলিয়াৰ গানৰ সৈতে সুৰ মিলাবলৈ চলমানে চলচ্চিত্ৰ নিৰ্মাতা ৰাজামৌলী, অভিনেতা জুনিয়ৰ এনটিআৰ আৰু ৰামচৰণক মঞ্চলৈ আমন্ত্ৰণ জনায় ৷

চলমানৰ দিনটো আৰু অধিক বিশেষ কৰি তুলিবলৈ আলিয়াই বিগ বছৰ পৰিয়ালবৰ্গই চলমানৰ বাবে প্লেন কৰা চাৰপ্ৰাইজৰ কথা তেওঁক জনায় । মঞ্চৰ পৰা সকলোৱে MeTV জৰিয়তে প্ৰতিযোগীসকলক ভাৰ্চুৱেলি লগ পায় ৷ বিগ বছ হাউচৰ প্ৰতিযোগীসকলে চলমানৰ চুপাৰ হিট গানবোৰত এক মনোৰঞ্জন ভৰা প্ৰদৰ্শন কৰে যিয়ে তেওঁৰ মুখত এমোকোৰা হাঁহি বিৰিঙাবলৈ সক্ষম হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চলমানেও সকলোৰে সৈতে নিজৰ hook steps বোৰ পৰিৱেশন কৰে ৷ পৰিচালক ৰাজামৌলীয়ে এটা কেকেৰে চলমানৰ Pre-Birthday Celebration অধিক সুখময় কৰি তোলে ৷ চলমানে সকলোৰে সৈতে মিলি কেক কাটি আহিবলগীয়া জন্মদিন সুন্দৰকৈ উদযাপন কৰে ৷

লগতে পঢ়ক : Filmmaker Sethumadhavan passes away : প্ৰসিদ্ধ ছবি নিৰ্মাতা কে এছ সেতুমাধৱনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.