ETV Bharat / sitara

প্ৰিয়ংকা চোপ্ৰাৰ বাবে "সুখৰ ঠাই" নিকৰ দুবাহু

author img

By

Published : Nov 1, 2021, 5:29 PM IST

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই নিকৰ দুবাহুৰ মাজত আৱদ্ধ থকা মূহুৰ্তৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল ৷ সেই বিশেষ ফটোখনৰ বিষয়ে বৰ্ণনা কৰি প্ৰিয়ংকাই লিখিছিল এনেদৰে- "মোৰ সুখৰ ঠাই" ৷ প্ৰিয়ংকাই নিকৰ ভগ্নী ডেনিয়েল জ’নাছ আৰু ছফি টাৰ্ণাৰ আৰু শহুৰেক পল কেভিন জ’নাছৰ সৈতে উঠা এখন ফটোও শ্বেয়াৰ কৰিছিল ৷ উক্ত দুয়োখন ফটোৱেই অনুৰাগীসকলে আদৰি লয় ৷

প্ৰিয়ংকা চোপ্ৰাৰ বাবে "সুখৰ ঠাই" নিকৰ দুবাহু
প্ৰিয়ংকা চোপ্ৰাৰ বাবে "সুখৰ ঠাই" নিকৰ দুবাহু

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই নিকৰ দুবাহুৰ মাজত আৱদ্ধ থকা মূহুৰ্তৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল ৷ সেই বিশেষ ফটোখনৰ বিষয়ে বৰ্ণনা কৰি প্ৰিয়ংকাই লিখিছিল এনেদৰে- "মোৰ সুখৰ ঠাই" ৷ প্ৰিয়ংকাই নিকৰ ভগ্নী ডেনিয়েল জ’নাছ আৰু ছফি টাৰ্ণাৰ আৰু শহুৰেক পল কেভিন জ’নাছৰ সৈতে উঠা এখন ফটোও শ্বেয়াৰ কৰিছিল ৷ উক্ত দুয়োখন ফটোকে অনুৰাগীসকলে আদৰি লয় ৷

প্ৰিয়ংকাই আন এখন ফটোত মুগা কাৰ্ডিগান ড্ৰেছৰ লগতে এযোৰ চানগ্লাছ পিন্ধি ৰ'দৰ কোমল আমেজ লোৱা দেখা গৈছে ৷ উক্ত ফটোখনৰ caption ত প্ৰিয়ংকাই লিখিছিল "ঘৰ" ৷

প্ৰিয়ংকাই নিকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে নেটফ্লিক্সৰ জ’নাছ ব্ৰাদাৰ্চ ফেমিলি ৰোষ্টৰ বাবে কেইদিনমান পূৰ্বে দৃশ্যগ্ৰহণ কৰিছিল ৷ আনকি অনুষ্ঠানটোৰ এখন ফটো ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰিছিল ৷

"এয়া সুন্দৰীসকলৰ সৈতে কটোৱা যোৱা নিশাৰ মূহুৰ্ত" #jonasbrothersfamilyroast @netflixisajoke বুলি প্ৰিয়ংকা চোপ্ৰা জ’নাছে ইনষ্টাত লিখিছিল ৷ জ’নাছ ব্ৰাদাৰ্চ ফেমিলি ৰোষ্ট ২৩ নৱেম্বৰত মুকলি হ'ব ৷

লগতে চাওক: মুক্তিৰ পূৰ্বেই মুখ্য কলা-কুশলীৰ সৈতে ‘RRR’ৰ এক আভাষ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.