ETV Bharat / sitara

মুক্তিৰ পূৰ্বেই মুখ্য কলা-কুশলীৰ সৈতে ‘RRR’ৰ এক আভাষ প্ৰদৰ্শন

author img

By

Published : Nov 1, 2021, 1:32 PM IST

আগন্তুক বৰ্ষৰ আৰম্ভণিতে মুক্তিলাভ কৰিবলগীয়া বলীউড ছবি ‘RRR’ৰ নিৰ্মাতাই ৰাম চৰণ(Ram Charan), জুনিয়ৰ এন.টি.আৰ(Jr. NTR), অজয় দেৱগন(Ajay Devgn) আৰু আলিয়া ভাট(Alia Bhatt) সৈতে ছবিখনৰ এক ক্ষুদ্ৰ আভাষ প্ৰদৰ্শন কৰে ৷ স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ এক প্ৰতিচ্ছবি দাঙি ধৰা এই ছবিখনৰ পৰিচালনাত আছে ছবি পৰিচালক এছ এছ ৰাজামৌলী(SS Rajamouli) ৷

RRR makers unveil a glimpse of film featuring lead cast
‘RRR’ৰ এক আভাষ প্ৰদৰ্শন

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : ছবি পৰিচালক এছ এছ ৰাজামৌলী(SS Rajamouli)ৰ দ্বাৰা পৰিচালনা কৰা বহু প্ৰত্যাশিত একশ্যন ড্ৰামা ‘RRR’ক লৈ ব্যাকুল ছবিখনৰ নিৰ্মাতা, কলা-কুশলীৰ লগতে চলচ্চিত্ৰ প্ৰেমীসকল ৷ সোমবাৰে ছবিখনৰ এক ক্ষুদ্ৰ আভাষ দাঙি ধৰে ছবিখনৰ নিৰ্মাতাই ৷

ছবিখনৰ মুখ্য চৰিত্ৰত আছে অভিনেতা ৰাম চৰণ(Ram Charan), জুনিয়ৰ এন.টি.আৰ(Jr. NTR), অজয় দেৱগন(Ajay Devgn) আৰু আলিয়া ভাট(Alia Bhatt) ৷ 2022 বৰ্ষৰ 7 জানুৱাৰীত বিশ্বজুৰি ছবিগৃহত মুক্তিলাভ কৰিব বহু প্ৰত্যাশিত ছবি ‘RRR’য়ে ৷ ইয়াৰ পূৰ্বে ছবিখনৰ এক সৰু আভাষ প্ৰদৰ্শন কৰে ছবি নিৰ্মাতাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাধীনতাৰ পূৰ্বৰ ভাৰতবৰ্ষৰ দৃশ্যপটক কেন্দ্ৰ কৰি নিৰ্মিত এই চলচ্চিত্ৰখনত জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণে স্বাধীনতা সংগ্ৰামী কোমাৰাম ভীম(Komaram Bheem) আৰু আল্লুৰী সীথাৰাম ৰাজু(Alluri Seetharama Raju)ৰ চৰিত্ৰ দুটা চিত্ৰিত কৰিছে ৷ অভিলেখ ভংগকাৰী ছবি ‘বাহুবলী’(Baahubali)ৰ পৰিচালক এছ এছ ৰাজামৌলীয়েই RRR ছবিখনৰ পৰিচালনা কৰিছে, যাৰ বাবে আহিবলগীয়া এই ছবিখনক লৈ উৎসুক হৈ পৰিছে দৰ্শকবৃন্দ ৷

পিৰিয়ড একশ্যন ড্ৰামা চলচ্চিত্ৰখনৰ প্ৰযোজনাত আছে DVV Entertainmentsৰ D. V. V. Danayya ৷ ছবিখনৰ নিৰ্মাতাই চলিত বৰ্ষৰ 30 জুলাইত ছবিখনৰ মুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু প্ৰযোজনাৰ সময়ত জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণৰ আঘাতৰ ফলত হোৱা বিলম্বকে ধৰি অপ্ৰত্যাশিত বিলম্বই নিৰ্মাতাক মুক্তিৰ তাৰিখ পিছুৱাবলৈ বাধ্য কৰায় ৷

পৰৱৰ্তী সময়ত মুক্তিৰ তাৰিখ 13 অক্টোবৰলৈ পিছুৱাই দিয়া হয় যদিও লকডাউনৰ বাবে ছবিগৃহসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱাৰ বাবে পুনৰ তাৰিখ পিছুৱাই দিয়া হয় ৷

লগতে পঢ়ক : 48 বছৰীয়া হ’ল নীলা চকুৰ সৌন্দৰ্যৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.