ETV Bharat / sitara

First Wedding Anniversary of Varun and Natasha: প্ৰথম বিবাহ-বাৰ্ষিকী উদযাপন বৰুণ-নতাশাৰ

author img

By

Published : Jan 24, 2022, 3:40 PM IST

বৈবাহিক জীৱনৰ এবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে বলীউডৰ হাৰ্টথ্ৰব বৰুণ ধৱনে (First Wedding Anniversary of Varun and Natasha) ৷ প্ৰেয়সী নতাশা ডলালৰ সৈতে যোৱা বছৰ এটা ব্যক্তিগত অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছিল বৰুণ ৷ আজি বিবাহ-বাৰ্ষিকী উপলক্ষে বৰুণে পোষ্ট কৰিছে আগতে নেদেখা তেওঁলোকৰ বিয়াৰ বহুতো ফটো ৷ চাওঁচোন আহক আমাৰ এই প্ৰতিবেদন...

First Wedding Anniversary of Varun and Natasha
আজি প্ৰথম বিবাহ-বাৰ্ষিকী উদযাপন কৰিছে বৰুণ-নতাশাই

চিটাৰা ডেস্ক, 24 জানুৱাৰী : সোমবাৰে বৰুণ ধৱন আৰু নতাশা ডলালে সম্পূৰ্ণ কৰিলে এবছৰীয়া বৈবাহিক যাত্ৰাৰ ৷ প্ৰেমিকযুগলে বিগত বছৰটোত এটা অনুষ্টুপীয়া অনুষ্ঠানত যুগ্ম জীৱনৰ পাতনি মেলিছিল ৷ বিবাহ-বাৰ্ষিকীৰ মধুৰ ক্ষণত বৰুণে নিজৰ চ’ছিয়েল মিডিয়া হেণ্ডলত পোষ্ট কৰিলে নিজৰ বিয়াৰ বিভিন্ন নীতি-নিয়মৰ ফটো সমূহ (First Wedding Anniversary of Varun and Natasha) ৷

ফটোসমূহত দুয়োৰে সাজ-পোছাকৰ মাজত সাদৃশ্য থকা দেখা গৈছে ৷ মহাৰাষ্ট্ৰৰ আলিবাগৰ দ্য মেনছন হাউচ নামেৰে এখন আটকধুনীয়া ৰিজৰ্টত বিবাহ পাশত আৱদ্ধ হৈছিল বৰুণ-নতাশা ৷ স্কুলীয়া দিনৰে চিনাকি দুয়োৰে মাজত এটা মিউজিক কনচাৰ্টৰ পৰা প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি ঘটে ৷ 2019 ত প্ৰথমবাৰৰ বাবে বৰুণে নিজৰ প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল ৷

লগতে পঢ়ক: স্বেতা তিৱাৰীৰ দুহিতা আৰু ছইফ আলী খানৰ পুত্ৰৰ ভাইৰেল ভিডিঅ'ক লৈ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.