ETV Bharat / sitara

বন্ধুত্বৰ দিৱস উপলক্ষে অনুষ্কা শৰ্মাই বাল্য বন্ধু সকলক জনালে শুভেচ্ছা

author img

By

Published : Aug 3, 2020, 12:56 AM IST

Anushka Sharma wishes Friendship Day to old buddies
বন্ধুত্বৰ দিৱস উপলক্ষে অনুস্কা শৰ্মাই বাল্য বন্ধু সকলক জনালে শুভেচ্ছা

বন্ধুত্বৰ দিৱস উপলক্ষে মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই সামাজিক মাধ্যমত বাল্য কালৰ বন্ধু বান্ধৱী সকলৰ লগত উঠা এখন ফটো শ্বেয়াৰ কৰি এই ফটোৱে তেওঁৰ জীৱনত বহুখিনি প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি সুন্দৰ বাখ্যাৰে এটা লিখনি প্ৰকাশ কৰিলে ।

নিউজ ডেস্ক, 3 আগষ্ট: সেনা বাহিনীৰ এটা পৰিৱেশৰ পৰা অহা মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ বাল্যকালৰ সকলো বন্ধু বান্ধৱীক সোঁৱৰিলে, যি সকলোবোৰেই বিভিন্ন স্থানৰ পৰা আহি বিভিন্ন সময়ত লগালগ হৈছিল ।

অনুষ্কাই ইনষ্টাগ্ৰামত তেওঁৰ বাল্য কালৰ বন্ধু বান্ধৱী সকলৰ এখন পুৰণি ফটোৰে সোঁৱৰিলে শৈশৱৰ সেই পুৰণি স্মৃতি ।

Anushka Sharma wishes Friendship Day to old buddies
বন্ধুত্বৰ দিৱস উপলক্ষে অনুস্কা শৰ্মাই বাল্য বন্ধু সকলক জনালে শুভেচ্ছা

ফটোখনৰ লগতে অভিনেত্ৰী গৰাকীয়ে লিখিলে, আপুনি আপোনাৰ জীৱনত বহুতৰে লগত বন্ধুত্ব স্থাপন কৰিছে আৰু এই সকলে আপোনাৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰভাৱ পেলাই । জ্ঞাত অথবা অজ্ঞাতসাৰে এই সকল বন্ধুৱে আমাৰ জীৱনত এটা চাপ দি থৈ যায় আৰু সেই চাপৰ প্ৰভাৱ সদায়েই থাকি যায় । ইয়াৰ মাজতে কিছুমানৰ লগত যোগাযোগ থাকে যদিওঁ কিছুমানৰ লগত যোগাযোগ নাথাকিলেও তেওঁলোকৰ স্মৃতিয়ে নিশ্চয়কৈয়ে আপোনাৰ মুখত হাঁহি বিৰিঙায় ।

"সেনা বাহিনীৰ পৰিৱেশত থকাৰ সময়ত বিভিন্ন স্থানৰ পৰা পষ্টিং হৈ অহা মোৰ বন্ধু বান্ধৱীৰ পৰিয়ালবোৰ পুনৰ গুচি যোৱাত তেওঁলোকৰ লগত মোৰ যোগাযোগ বিচ্চিন্ন হৈ পৰিলে ।"

এইখন ফটো মোৰ সকলো বন্ধু বান্ধৱীলৈ আগবঢ়ালো । আমি যিসকলৰ মাজত ডাঙৰ হ'লো আৰু আজিও আমাৰ মাজত আছে তেওঁলোক সকলোলৈকে মোৰ ফালৰ পৰা জনালো বন্ধুত্বৰ দিৱসৰ শুভেচ্ছা…"হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে।"

অনুষ্কাৰ স্বামী তথা তাৰকা খেলুৱৈ বিৰাট কহলিয়েও অভিনেত্ৰীগৰাকীৰ কমেণ্ট চেক্সনত গৈ দিলে লাভ চিম্বলৰ এটা ইম'জি ।

উল্লেখ্য যে, অলপতে বিৰাট আৰু অনুষ্কাই অসম আৰু বিহাৰত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত সকলৰ সাহায্যৰ বাবে লৈছে সংকল্প ।

লগতে চাওক-কোভিড-19 আক্ৰান্ত মহিলাই জন্ম দিলে যমজ পুত্ৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.