ETV Bharat / bharat

কোভিড-19 আক্ৰান্ত মহিলাই জন্ম দিলে যমজ পুত্ৰ সন্তান

author img

By

Published : Aug 2, 2020, 10:39 PM IST

কোভিড-19 মহামাৰীৰ আতংকৰ মাজতে এই ভয়াৱহ মহামাৰীৰ পৰা আৰোগ্য হোৱা এগৰাকী মহিলাই জন্ম দিলে যমজ সন্তান ৷ কেৰালাৰ কুন্নুৰ জিলাৰ পৰিয়াৰম মেডিকেল কলেজত দেওবাৰে মহিলাগৰাকীয়ে জন্ম দিয়ে সুস্থ-সৱল এহাল যমজ পুত্ৰ সন্তান ৷

কোভিড-19 আক্ৰান্ত মহিলাই জন্ম দিলে যমজ পুত্ৰ সন্তান
কোভিড-19 আক্ৰান্ত মহিলাই জন্ম দিলে যমজ পুত্ৰ সন্তান

নিউজ ডেস্ক, 2 আগষ্ট : গৰ্ভাৱস্থাতে কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হোৱা এগৰাকী মহিলাই জন্ম দিলে এহালি সুস্থ যমজ পুত্ৰ সন্তান ৷ কেৰালাৰ কুন্নৰ জিলাৰ পৰিয়াৰম মেডিকেল কলেজত দেওবাৰে মহিলাগৰাকীয়ে C চাৰ্জাৰী প্ৰক্ৰিয়াৰে প্ৰসৱ সম্পন্ন কৰে ৷ এয়া চিকিৎসালয়খনৰ 14 সংখ্যক চাৰ্জাৰী বুলি শীৰ্ষ তথাজ্যেষ্ঠ চিকিৎসকে প্ৰকাশ কৰিছে ৷

মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ কাম ডাঃ অজিনৰ নেতৃত্বৰ এটা দলে সফলতাৰে সম্পন্ন কৰে ৷ চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, মাতৃ আৰু সন্তানৰ অৱস্থা বৰ্তমানে সুস্থ হৈ আছে ৷ দুয়োগৰাকী সন্তানৰ ওজন ক্ৰমে, 2.25 আৰু 2.35 কিলোগ্ৰাম বুলি জনাইছে ডাঃ অজিনে ৷

মহিলাগৰাকীয়ে আইভিএফ প্ৰক্ৰিয়াৰে গৰ্ভধাৰণ কৰিছিল ৷ গৰ্ভাৱস্থাৰ প্ৰথমতে মহিলাগৰাকীয়ে কোভিড-19 আক্ৰান্ত হৈছিল আৰু মাজতে সুস্থ হৈছিল যদিও গৰ্ভাৱস্থাৰ শেষৰফালে পুনৰ কোভিড-19 আক্ৰান্ত হয় আৰু সুস্থও হয় ৷ যাৰ বাবে মহিলাগৰাকীক চিকিৎসালয়খনৰ বিশেষ দলৰ তত্বাৱধানত ৰখা হৈছিল ৷ চিকিৎসালয়খন বৰ্তমানলৈ 50 গৰাকী গৰ্ভৱতী মহিলাক বিশেষ তত্বাৱধানত প্ৰসৱ কৰোৱা হৈছে বুলিও প্ৰকাশ কৰে ডাঃ অজিনে ৷

লগতে পঢ়ক : বিলাসীপাৰাত জন্মিল ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.