ETV Bharat / sitara

Ajay Devgn movie with SLB: SLB ৰ ছবিত তানসেনৰ ৰূপত ওলাবও পাৰে অজয় দেৱগণ

author img

By

Published : Mar 16, 2022, 9:56 PM IST

Ajay Devgn
সঞ্জয় লীলা ভাঞ্চালী,অজয় দেৱগণ

বলীউডৰ বিশিষ্ট চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীয়ে তেওঁৰ নতুন এটা প্ৰজেক্টৰ বাবে পুনৰ কথা পাতিছে অজয় দেৱগণৰ সৈতে ৷ তানসেনৰ ৰূপত বিচাৰিছে অভিনেতাজনক SLB য়ে (Ajay Devgn movie with SLB) ৷ অৱশ্যে অজয় দেৱগণৰ ফালৰ পৰা এতিয়াও উত্তৰ আহিবলৈ বাকী ৷

চিটাৰা ডেস্ক, 16 মাৰ্চ : সূদীৰ্ঘ 23টা বছৰৰ মূৰত যুঁটি বান্ধিলে সঞ্জয় লীলা ভাঞ্চালী আৰু অজয় দেৱগণে গংগুবাই কাথিয়াৱাড়ীৰ দ্বাৰা ৷ ‘হাম দিল দে চুকে চনম’ ৰ বৃহৎ সফলতাৰ পিছত পুনৰ এবাৰ ৰূপালী পৰ্দাত গংগুবাই কাথিয়াৱাড়ীৰে খলকনি তুলিবলৈ সক্ষম হ’ল এই যুঁটিয়ে (Ajay Devgn Sanjay Leela Bhansali pair) ৷

এতিয়া অজয় দেৱগণৰ সৈতে তৃতীয়টো পৰিকল্পনাৰ বাবে আগবাঢ়িছে বিখ্যাত চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী (Ajay Devgn movie with SLB) ৷ তেওঁৰ বহুদিনীয়া পৰিকল্পনা বাইজু বাৱৰাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞ তানসেনৰ চৰিত্ৰ ৰূপায়নৰ বাবে অজয় দেৱগণৰ কাষ চাপিছে তেওঁ ৷

SLB
ৰণবীৰ সিং, SLB

2019 চনতে SLB য়ে বাইজু বাৱৰাৰ বিষয়ে ঘোষণা কৰিছিল ৷ আনকি ছবিখনে 2021 বৰ্ষৰ দেৱালীতে মুক্তি পোৱাৰ কথাও আছিল ৷ কিন্তু ক’ৰণা মহামাৰীয়ে সঞ্জয় লীলা ভাঞ্চালীৰ এই পৰিকল্পনাত পানী ঢালিলে ৷

এতিয়া তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি গংগুবাই কাথিয়াৱাড়ীৰ অপাৰ সফলতাৰ পিছত পুনৰ এই বহু দিনীয়া প্ৰজেক্টটো লৈ ব্যস্ত হৈ পৰিছে SLB ৷

গংগুবাই কাথিয়াৱাড়ীৰ বহৎ সফলতাই সঞ্জয় লীলা ভাঞ্চালীক ভবাই তুলিছে তানসেন চৰিত্ৰটোৰ বাবে অজয় দেৱগণৰ উৎকৃষ্টতা ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি অজয় দেৱগণে প্ৰত্ব্যাহ্বানমূলক চৰিত্ৰৰ বাবে কেতিয়াও না নকয় ৷

Ajay Devgn
সঞ্জয় লীলা ভাঞ্চালী,অজয় দেৱগণ

প্ৰাপ্ত বাতৰি অনুসৰি, ছবিখনত ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ কথা ৷ অৱশ্যে নিৰ্মাতাই এই বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী ৷ সঞ্জয় লীলা ভাঞ্চালীৰ এই ছবিখন সংগীতৰ আধাৰত নিৰ্মাণ হ’ব ৷

আহিবলগীয়া ছবি বাইজু বাৱৰাৰ সৈতে ভাঞ্চালীয়ে তেওঁৰ প্ৰথমখন পূৰ্ণাংগ সংগীত ছবি পৰিচালনা কৰিব । বাইজু বাৱৰা দুজন গায়কৰ কাহিনীৰে নিৰ্মাণ কৰা হ’ব য’ত প্ৰায় এক ডজন গান থাকিব । ভাঞ্চালীয়ে আগতেই কৈছিল যে বাইজু বাৱৰাৰ ৰচনা তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব ।

লগতে পঢ়ক: অ’টিটি প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিব কৰীণা কাপুৰ খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.