ETV Bharat / sitara

অ’টিটি প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিব কৰীণা কাপুৰ খানে

author img

By

Published : Mar 16, 2022, 12:18 PM IST

শীঘ্ৰেই অ’টিটি প্লেটফৰ্মত দেখিবলৈ পোৱা যাব বলীউডৰ বেবো খ্যাত কৰীণা কাপুৰ খানক ৷ সুজয় ঘোষৰ মুক্তি লাভ কৰিবলগীয়া ছবি এখনেৰে অ’টিটিৰ জগতত খোজ পেলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অভিনেত্ৰীগৰাকী (Kareena movie in netflix) ৷

Kareena
নেটফ্লিক্সত আহিব এখন নতুন থ্ৰিলাৰ

চিটাৰা ডেস্ক, 16 মাৰ্চ : অতি শীঘ্ৰেই কৰীণাক দেখিবলৈ পোৱা যাব অ’টিটি প্লেটফৰ্মত ৷ অ’টিটি জগতৰ জনপ্ৰিয় প্লেটফৰ্ম নেটফ্লিক্সৰ জৰিয়তে আত্মপ্ৰকাশ ঘটাব কৰীণাই (Kareena movie in netflix) ৷

চলচ্চিত্ৰ নিৰ্মাতা সুজয় ঘোষৰ চিনেমাত দেখিবলৈ পোৱা যাব কৰীণাক ৷ ছবিখন হত্যাকাণ্ডৰে ভৰপূৰ এখন থ্ৰিলাৰ ছবি ৷ কাহিনীভাগ বিখ্যাত জাপানীজ লেখক কেইগ’ হিগাশ্বিন’ৰ অপূৰ্ব সৃষ্টি ‘দ্য ডিভ’ছন অৱ চাছপেক্ট এক্স’ ৰ আধাৰত নিৰ্মাণ কৰা হ’ব ৷ 2005 চনত এই গ্ৰন্থখন সৰ্বাধিক বিক্ৰী হৈছিল ৷ সুজয় ঘোষৰ এই নতুন চিনেমাখনত কৰীণাৰ সৈতে অভিনেতা জয়দীপ অহ্লৱাত আৰু বিজয় বাৰ্মাকো দেখিবলৈ পোৱা যাব (Kareena new movie cast) ৷

Kareena
নেটফ্লিক্সত আহিব এখন নতুন থ্ৰিলাৰ

কাহানী, বদলা আদি থ্ৰিলাৰ ছবি নিৰ্মাণেৰে জনাজাত সুজয় ঘোষে ছবিখনৰ সন্দৰ্ভত কয় যে, তেওঁ কেইগ’ হিগাশ্বিন’ৰ গ্ৰন্থখনৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈ উৎসুক হৈ পৰিছে ৷ এটা উৎকৃষ্ট প্ৰেম কাহিনী বুলি আখ্যা দি তাৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলিও মন্তব্য কৰিলে চিত্ৰ নিৰ্মাতা গৰাকীয়ে ৷ কৰীণা, জয়দীপ আৰু বিজয় বাৰ্মাৰ দৰে জনপ্ৰিয় তাৰকাৰ সৈতে এই নতুন প্ৰজেক্টটো আৰম্ভ কৰিবলৈ পাই নিজকে ধন্য মানিছে সুজয়ে ৷

2020 চনত অংগ্ৰেজী মিডিয়ামত দেখা গৈছিল কৰীণাক ৷ বৰ্তমান এই নতুন প্ৰজেক্টটোক কৰীণাই অভিহিত কৰিছে ‘ইলেক্ট্ৰিফায়িং’ যাত্ৰা হিচাপে (kareena kapoor new movie) ৷ সকলো ধৰণৰ স্বাদ আৰু উপাদানেৰে পৰিপূৰ্ণ কাহিনীটোত চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷

Kareena
নেটফ্লিক্সত আহিব এখন নতুন থ্ৰিলাৰ

নেটফ্লিক্স ইণ্ডিয়াৰ ফিল্মছ এণ্ড লাইচেঞ্চিংৰ পৰিচালক প্ৰতীক্ষা ৰাওৱে কয় যে "থ্ৰিলাৰ চিৰিজ নতুবা ছবিসমূহ মনোৰঞ্জনৰ এক অবিচ্ছেদ্য অংগ । ‘দ্য ডিভ’ছন অৱ চাছপেক্ট এক্স’ এখন সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিখন আমি আমাৰ দৰ্শকক দেখুৱাবলৈ আগ্ৰহী হৈ আছো" ৷

লগতে পঢ়ক: 'এটেক'ৰ প্ৰমোচনৰ বাবে ৰাকুল-জেকলিনৰ আকৰ্ষণীয় অৱতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.