ETV Bharat / sitara

দক্ষিণৰ ছবিৰ হিন্দী ৰিমেকত কোন থাকিব বলীউডৰ অভিনেতা ?

author img

By

Published : Mar 3, 2022, 10:38 PM IST

hyam singha Roy hindi remake
দক্ষিণৰ ছবিৰ হিন্দী ৰিমেকত কোন থাকিব বলীউডৰ অভিনেতা ?

২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা দক্ষিণৰ ছবি এখনে আলোড়নৰ সৃষ্টি কৰিছিল । ছবিখন সমালোচক আৰু অনুৰাগীসকলৰ দ্বাৰা যথেষ্ট প্ৰশংসিত হৈছিল । এতিয়া এই ছবিখনৰ হিন্দী ৰিমেক কৰিবলৈ লোৱা হৈছে (South film hindi remake) য’ত বলীউডৰ এই দুজন চুপাৰষ্টাৰক লৈ আলোচনা-বিলোচনা চলি আছে । জানোচোন আহক কোন এই দুই অভিনেতা...

চিটাৰা ডেস্ক, 3 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত তাৰকা নানী আৰু সাই পল্লৱী অভিনীত 'শ্যাম সিংঘ ৰয়' ছবিখনে বিগত বছৰৰ ডিচেম্বৰত মুক্তি লাভ কৰি খলকনি তুলিছিল । এতিয়া এই ছবিখনৰ হিন্দী ৰিমেক নিৰ্মাণ হ'বলৈ গৈ আছে ৷ ছবিখনৰ কাষ্টিঙৰ বাবে বলীউডৰ বহুতো নামী-দামী তাৰকাৰ নাম সন্মুখলৈ আহিছে । শীঘ্ৰেই হিন্দী ৰিমেকৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা ৷

এক শীৰ্ষ শাৰীৰ প্ৰযোজনা গৃহ ৰাহুল সাংকৃতায়নৰ নিৰ্দেশনাত নিৰ্মাণ হৈছিল 'শ্যাম সিংঘ ৰয়' ৷ শ্বাহিদ কাপুৰ আৰু অজয় দেৱগণক 'শ্যাম সিংঘ ৰয়'ৰ হিন্দী ৰিমেকৰ বাবে বিবেচনা কৰা হৈছে (Shahid Ajay in hindi remake) ৷ আনহাতে নাৰী মুখ্য চৰিত্ৰৰ বিষয়ে এতিয়ালৈকে কোনো আপডেট অহা নাই । অৱশ্যে, এই বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা হ’বলৈ বাকী আছে ৷

শ্যাম সিংঘ ৰয় (Shyam singha Roy hindi remake) সময়ৰ যাত্ৰাৰ ওপৰত আধাৰিত এটা কাহিনী, য'ত অভিনেতা নানীক দ্বৈত চৰিত্ৰত দেখা গৈছে ৷ আনহাতে সাই পল্লৱীয়ে দেৱদাসীৰ চৰিত্ৰত অভিনয় কৰিছে ।

ছবিখনে দৰ্শকৰ পৰা প্ৰচুৰ প্ৰশংসা বুটলিছিল ৷ চলচ্চিত্ৰখনৰ দৃশ্যাংশই অনুৰাগীসকলক আপ্লুত কৰিবলৈ সক্ষম হৈছিল । নানী আৰু সাই পল্লৱীয়ে তেওঁলোকৰ অভিনয়ৰ যাদুৰে ছবিখন চুপাৰহিট হোৱাত অৰিহণা যোগাইছিল ৷

লগতে পঢ়ক: Shanaya Kapoor Debut film: ৰূপালী পৰ্দালৈ অতি শীঘ্ৰেই সঞ্জয় কাপুৰৰ তনয়া শ্বানায়া কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.