ETV Bharat / science-and-technology

Nigar Shaji on next step of ISRO : শুক্ৰ আৰু মঙ্গল গ্ৰহও অন্বেষণ কৰিব ইছৰোৱে'

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 1:16 PM IST

ইছৰোৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ কলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে প্ৰকল্প সঞ্চালক নিগাৰ শাজীৰ ঘোষণা শুক্ৰ, মঙ্গলৰ লগতে আন আন গ্ৰহও অন্বেষণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব ইছৰোৱে ।

Nigar Shaji on next step of ISRO
শুক্ৰ আৰু মঙ্গল গ্ৰহও অন্বেষণ কৰিব ইছৰোৱে

নেশ্যনেল ডেস্ক,২২ অক্টোবৰ : ভাৰতৰ ভৱিষ্যতৰ মহাকাশ অভিযানসমূহ অধিক সম্প্ৰসাৰিত হ'ব । সূৰ্যৰ উপৰিও শুক্ৰ আৰু মঙ্গল গ্ৰহসমূহো অন্বেষণ কৰা হ'ব । এই মন্তব্য আদিত্য এল-১ৰ প্ৰকল্প সঞ্চালক নিগাৰ শাজীৰ । প্ৰতি ১১ বছৰত সূৰ্য কেনেদৰে শক্তিশালী হয় আৰু মহাকাশত উপগ্ৰহ কেনেদৰে প্ৰভাৱিত হয় সেইবোৰৰ দৰে ঘটনাৰ ওপৰত অধ্যয়ন আৰু গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰাত আদিত্য এল-১ সৌৰ অভিযানে সহায় কৰিব বুলিও তেওঁ দাবী কৰে ।

এক প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ নিগাৰ শাজীয়ে সাংবাদিকসকলক কয় যে গগনযান প্ৰকল্পও মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ পৰীক্ষাৰ অংশ । ৰকেটত থকা সময়ত মহাকাশত কোনো ভুল হ'লে কেনেকৈ তাৰপৰা উদ্ধাৰ কৰি পৃথিৱীলৈ সুৰক্ষিতভাৱে ঘূৰি আহিব লাগে তাৰ ওপৰতো পৰীক্ষা-নিৰীক্ষা কৰা হৈছে । লগতে, এই ক্ষেত্ৰত কেইবাটাও পৰ্যায়ৰ পৰীক্ষা কৰা হ'ব বুলি নিগাৰ শাজীয়ে উল্লেখ কৰে । নিগাৰ শাজীয়ে কোৱা মতে দুগৰাকী মানুহৰ ওজনৰ সমানৰ ৰকেটৰ পৰীক্ষা কৰাৰ পাছত মানুহক মহাকাশলৈ প্ৰেৰণ কৰিব পাৰি । পৰৱৰ্তী পদক্ষেপ হ'ল নমুনাবোৰ অনা আৰু গৱেষণা কেন্দ্ৰত সেইবোৰ পৰীক্ষা কৰা ।

লগতে নিগাৰ শাজীয়ে কয় যে আদিত্য এল-১য়ে সূৰ্য কেনেদৰে কাৰ্যক্ষম আৰু সূৰ্যত সৌৰ শক্তিৰ সৈতে সম্পৰ্কিত বিভিন্ন পৰিঘটনা কেনেদৰে সংঘটিত হয় তাক অধ্যয়ন কৰিব । নিগাৰ শাজীৰ মতে আদিত্যৰ সফলতা জানুৱাৰীৰ প্ৰথম সপ্তাহত জানিব পৰা যাব । তেওঁ লগতে কয় যে কেৱল সূৰ্যই নহয়, শুক্ৰ আৰু মঙ্গল গ্ৰহৰ দৰে গ্ৰহবোৰো অন্বেষণ অব্যাহত থাকিব ।

তামিলনাডুৰ ত্ৰিচি জিলাত অনুষ্ঠিত 'কাৰিকৰী মহিলা বিশেষ বঁটা আৰু ইণ্টাৰনেট উদ্যোগী দক্ষতা প্ৰশিক্ষণ' কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত, ৩০ টা সেউজ আৰু জলবায়ু পৰিৱৰ্তনমুখী মহিলাৰ ক্ষুদ্ৰ উদ্যোগ বাছনি কৰা হয় আৰু পুৰস্কৃত কৰা হয় ।

লগতে পঢ়ক :Gaganyaan mission : গগনযানৰ টিভিডি১ ৰকেটৰ সফল পৰীক্ষণ; অভিযানৰ সফলতা ঘোষণা ইছৰোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.