ETV Bharat / jagte-raho

ভূমিকেন্দ্ৰিক সংঘাটত নগাঁৱত আহত বহুকেইজন

author img

By

Published : Oct 28, 2020, 1:21 PM IST

ভূমিকেন্দ্ৰিক সংঘাটত নগাঁৱত আহত বহুকেইজন
ভূমিকেন্দ্ৰিক সংঘাটত নগাঁৱত আহত বহুকেইজন

নগাঁৱৰ লাওঁগাঁৱত ভূমিকেন্দ্ৰিক সংঘাটক লৈ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত বহুকেইজন লোক আহত হয় ৷

নগাঁও, 28 অক্টোবৰ : মঙলবাৰে নিশা মাটিবাৰীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । নগাঁৱৰ লাওগাঁৱত ভূমিক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় সংঘাটৰ । দুই ফৈদৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ ঘটনাত মহিলাসহ চাৰিজনকৈ লোক গুৰুতভাৱে আহত হয় । লাওগাঁৱৰ তাহেৰ উদ্দিন আৰু আনোৱাৰ হুছেইনৰ মাজত সৃষ্টি হয় সংঘাটৰ । তাহেৰ উদ্দিনৰ নেতৃত্বতেই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লাওঁগাঁওত ভূমিকেন্দ্ৰিক সংঘাটক লৈ দুটা ফৈদৰ মাজত সংঘৰ্ষ

সংঘাতত আহত মহিলাসহ চাৰিজনকৈ লোকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ঘটনা সন্দৰ্ভত স্থানীয় ইটাপাৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.