ETV Bharat / state

অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ

author img

By

Published : Oct 28, 2020, 11:55 AM IST

গোলাঘাটৰ দেৰগাঁৱত স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পত্নীয়ে হত্যাৰ চেষ্টা চলালে স্বামীক । আহত স্বামীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত পত্নীগৰাকী ৷

wife try to murder her husband in Golaghat
অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ

গোলাঘাট,28 অক্টোবৰ : স্বামীৰ অত্যাচাৰৰ বলি হোৱা এগৰাকী পত্নীয়ে বাচি ল’লে চৰম সিদ্ধান্ত । স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি স্বামীক হত্যাৰ চেষ্টা । কুঠাৰ আৰু কোৰেৰে নৃশংসভাৱে আক্ৰমণ কৰিলে পত্নীয়ে । মঙলবাৰে এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ যোগনীয়াৰ গাঁৱত ৷

প্ৰাপ্ত তথ্য অনুসৰি,দেৰগাঁৱৰ যোগনীয়াৰ মুনিন্দ্ৰ বৰা নামৰ ব্যক্তিজনে পত্নী ৰশ্মি ৰেখা বৰাৰ ওপৰত বহু দিনৰ পৰা চলাই আহিছিল অমানসিক অত্যাচাৰ । স্বামীয়ে নিজৰ ঘৰতে চলাই আহিছিল সুৰাৰ বেপাৰ ৷ এই ক্ষেত্ৰত মুনিন্দ্ৰৰ পত্নীয়ে বিৰোধিতা কৰাত পত্নীৰ ওপৰত নিতৌ অত্যাচাৰ চলাইছিল স্বামী মুনিন্দ্ৰই । অৱশেষত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নী ৰশ্মি ৰেখাই কোৰ আৰু কুঠাৰেৰে স্বামীক উপৰ্যুপৰি আক্ৰমণ কৰে ।

অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ

আক্ৰমণত মূৰত আঘাত পাই গুৰুতৰভাৱে আহত হয় স্বামী মুনিন্দ্ৰ । আহত স্বামী মুনিন্দ্ৰক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই সম্প্ৰতি চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে । ইফালে অভিযুক্ত পত্নীক দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জামিন বিহীন ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : গোলাঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.