ETV Bharat / jagte-raho

বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jan 12, 2021, 12:51 PM IST

বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
বোকাজান আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযানৰ সময়ত জব্দ হয় বৃহৎ পৰিমানৰ ড্ৰাগছ ৷

বোকাজান, 12 জানুৱাৰী : বছৰৰ আৰম্ভনিতে ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান বোকাজান আৰক্ষীৰ ৷ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা এই অভিযানৰ সময়তে আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এগৰাকী সৰবৰাহকাৰী ৷

মহকুমা আৰক্ষী বিষয়া জন দাসে জনোৱা অনুসৰি, বিশেষ সূত্ৰৰ পম খেদি এখন যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় সৰবৰাহকাৰীটো ৷ ধৃত সৰবৰাহকাৰীটো আঁচৰ বুলি জনাইছে আৰক্ষীয়ে ৷

এখন যাত্ৰীবাহী বাছৰ পৰা ডিলাই থানাই অন্তৰ্গত অঞ্চলৰ পৰা 31টা চাবোনৰ বক্সত উদ্ধাৰ হয় 371 গ্ৰাম নিষিদ্ধ ড্ৰাগছ ৷ ধৃত সৰবৰাহকাৰীটোৱে ড্ৰাগছৰ সৈতে ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ গৈ আছিল বুলি জনাইছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : মুকালমুৱাৰ কাপলাবড়ীত 25 কাৰ্টন বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.