ETV Bharat / international

গাজাত যুদ্ধবিৰতিৰ ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত আমেৰিকাৰ ভেটো; হতাশ ইউএই

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:02 AM IST

US vetoes UN resolution on Gaza ceasefire
গাজাত যুদ্ধবিৰতিৰ ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত আমেৰিকাৰ ভেটো; হতাশ ইউএই

আমেৰিকাই ইউএইৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ এক প্ৰস্তাৱত ভেটো প্ৰদান কৰাৰ বিপৰীতে ভোটদানৰ পৰা বিৰত থাকে ব্ৰিটেইন । আনহাতে, নিৰাপত্তা পৰিষদৰ আন সকলো সদস্যই গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি বিচৰা প্ৰস্তাৱটো সমৰ্থন কৰিছিল । ভোটদানৰ পূৰ্বে আমেৰিকাৰ উপ-ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে কয় যে সামৰিক পদক্ষেপ বন্ধ কৰিলে হামাছে পৰৱৰ্তী যুদ্ধৰ বাবে বীজ ৰোপণ কৰিব পাৰে । ইউএইয়ে আমেৰিকাৰ এই ভেটোত হতাশা ব্যক্ত কৰি সতৰ্ক কৰি দিয়ে যে নিৰাপত্তা পৰিষদ ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ গৈ আছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : আমেৰিকাই শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ এক প্ৰস্তাৱত ভেটো প্ৰদান কৰে । এই প্ৰস্তাৱত নিৰাপত্তা পৰিষদৰ প্ৰায় সকলো সদস্য আৰু আন বহু ৰাষ্ট্ৰই গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবী জনাইছিল । আনহাতে, আমেৰিকাৰ এই পদক্ষেপক প্ৰস্তাৱটোৰ সমৰ্থকসকলে এক ভয়ংকৰ দিন বুলি অভিহিত কৰে আৰু যুদ্ধ তৃতীয় মাহলৈ আগবঢ়াৰ লগে লগে অধিক অসামৰিক লোকৰ মৃত্যু আৰু ধ্বংসৰ সতৰ্কবাণীও দিয়ে ।

উল্লেখ্য যে ১৫ সদস্যৰ নিৰাপত্তা পৰিষদত ভোটদান আছিল ১৩-১ । আনহাতে, ব্ৰিটেইনে ইয়াত ভোটদানৰ পৰা বিৰত থাকে । ইফালে আমেৰিকাৰ উপ-ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে ইজৰাইলৰ ওপৰত হামাছৰ ৭ অক্টোবৰৰ আক্ৰমণক গৰিহণা দিয়াত ব্যৰ্থ হোৱাৰ বাবে ভোটদানৰ পিছত নিৰাপত্তা পৰিষদক সমালোচনা কৰে । উল্লেখ্য যে হামাছৰ আক্ৰমণত ইজৰাইলত প্ৰায় ১,২০০ লোক নিহত হৈছিল আৰু ইয়াৰে বেছিভাগ সাধাৰণ লোক । ইয়াৰ উপৰি ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰ অস্বীকাৰ কৰাৰ বাবেও উডে নিৰাপত্তা পৰিষদক সমালোচনা কৰে । তেওঁ লগতে কয় যে সামৰিক পদক্ষেপ বন্ধ কৰিলে হামাছে গাজা শাসন অব্যাহত ৰাখিব আৰু পৰৱৰ্তী যুদ্ধৰ বাবে বীজ ৰোপণ কৰিব ।

ভোটদানৰ পূৰ্বে উডে কয়, "এক দীৰ্ঘম্যাদী শান্তি আৰু দ্বি-ৰাষ্ট্ৰীয় সমাধান চাবলৈ হামাছৰ কোনো ইচ্ছা নাই ।" সেই কাৰণে যদিও আমেৰিকাই এক দীৰ্ঘম্যাদী শান্তি সমৰ্থন কৰে, য'ত ইজৰাইলী আৰু পেলেষ্টাইনী উভয়ে শান্তি আৰু নিৰাপত্তাৰে বাস কৰিব পাৰে, তথাপি আমি তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান সমৰ্থন নকৰোঁ ।

উল্লেখ্য যে ইজৰাইলৰ সামৰিক অভিযানত গাজাত ১৭,৪০০ ৰো অধিক লোক নিহত হৈছে । ইায়ৰে ভিতৰত ৭০ শতাংশ মহিলা আৰু শিশু । আনহাতে, ৪৬,০০০ ৰো অধিক লোক আহত হৈছে । পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰি লগতে কয় যে আন বহু লোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ আছে । অৱশ্যে মন্ত্ৰালয়ে কিমান সংখ্যক অসামৰিক লোক আৰু যুঁজাৰুৰ মৃত্যুৰ মৃত্যু হৈছে সেয়া পৃথকে দেখুওৱা নাই ।

আনহাতে, যুদ্ধবিৰতিৰ বিৰোধিতা বাদ দিবলৈ বাইডেন প্ৰশাসনক হেঁচা দিয়াৰ এক বৃথা প্ৰচেষ্টাত ইজিপ্ত, জৰ্ডান, পেলেষ্টাইনী কৰ্তৃপক্ষ, কাটাৰ, চৌডি আৰব আৰু তুৰ্কীৰ বৈদেশিক মন্ত্ৰীসকল শুকুৰবাৰে ৱাশ্বিংটনত উপস্থিত হয় । কিন্তু ৰাষ্ট্ৰসংঘৰ ভোটদানৰ পিছতহে বিদেশ সচিব এণ্টনি ব্লিঙ্কেনৰ সৈতে তেওঁলোকৰ বৈঠক হয় ।

সংযুক্ত আৰব আমিৰেটছৰ উপ-ৰাষ্ট্ৰদূত মহম্মদ আবুচাহাবে ভোটদানৰ পূৰ্বে কয় যে তেওঁৰ দেশে প্ৰস্তাৱ কৰা এই প্ৰস্তাৱটোৱে ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত প্ৰায় ১০০ সহ-পৃষ্ঠপোষক লাভ কৰিছে, যিটো যুদ্ধৰ সমাপ্তি আৰু পেলেষ্টাইনী জীৱন ৰক্ষাৰ প্ৰচেষ্টাৰ বাবে বিশ্বজুৰি সমৰ্থনৰ এক প্ৰতিফলন । কিন্তু ভোটদানৰ পিছত তেওঁ আমেৰিকাৰ ভেটোত গভীৰ হতাশা ব্যক্ত কৰে আৰু সতৰ্ক কৰি দিয়ে যে নিৰাপত্তা পৰিষদ বিচ্ছিন্ন হৈ গৈ আছে আৰু আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ইয়াৰ আদেশৰ সৈতে 'অসংলগ্ন' যেন দেখা গৈছে ।

লগতে পঢ়ক :হামাছৰ আক্ৰমণত মৃত্যু ইজৰাইলী মন্ত্ৰীপুত্ৰৰ লগতে দুজনকৈ সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.