ETV Bharat / international

হামাছৰ আক্ৰমণত মৃত্যু ইজৰাইলী মন্ত্ৰীপুত্ৰৰ লগতে দুজনকৈ সেনাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:14 PM IST

Updated : Dec 8, 2023, 2:47 PM IST

উত্তৰ গাজাৰ জাবালিয়া শিবিৰৰ সমীপৰ সুৰংগৰ খাদত বোমা বিস্ফোৰণৰ ফলত মৃত্যু ঘটে ইজৰাইলী মন্ত্ৰী গাডি আইজেনকটৰ পুত্ৰ গাল মেইৰ আইজেনকটৰ । ইজৰাইলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই মৃত্যু ঘটে গাল মেইৰৰ । ইয়াৰ লগতে হামাছৰ আক্ৰমণত মৃত্যু ঘটে আন দুজনকৈ ইজৰাইলী সেনা জোৱানৰ ৷

ইজৰাইলী সেনা জোৱান
হামাছৰ আক্ৰমণত মৃত্যু ইজৰাইলী মন্ত্ৰী পুত্ৰৰ লগতে দুজনকৈ সেনাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ: অন্ত পৰা নাই হামাছ-ইজৰাইলৰ মাজৰ যুদ্ধ ৷ যুদ্ধৰ সময়ত ইজৰাইলৰ মন্ত্ৰী গাডি আইজেনকট আৰু চাৰ্জেণ্টৰ পুত্ৰ মাষ্টাৰ চাৰ্জেণ্ট (res.) গাল মেইৰ আইজেনকটৰ মৃত্যু ঘটে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (IDF)ৰ উদ্ধৃতিৰে টাইমছ অৱ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি গাজা ষ্ট্ৰীপত 55 নং ব্ৰিগেডৰ 6623 নং ৰিকনেছান্স বেটেলিয়নৰ মেজৰ (res.) জনাথন ডেভিদ ডেইচ নিহত হৈছে ।

আইডিএফে জনোৱা মতে, হাৰ্জলিয়াৰ পৰা 551 নং ব্ৰিগেডৰ 699 নং বেটেলিয়নৰ আইজেনকট (25)ক উত্তৰ গাজাত হত্যা কৰা হৈছে । আইডিএফে দিয়া তথ্যত কোৱা হৈছে যে আন তিনিজন জোৱান গুৰুতৰভাৱে আহত হৈছে । চিকিৎসাৰ বাবে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দ্য টাইমছ অৱ ইজৰাইলৰ মতে, আইডিএফে কয় যে তেওঁ দক্ষিণ ষ্ট্ৰীপত গুলীয়াগুলিৰ সময়ত নিহত হৈছিল । তেওঁৰ পিতৃ গাডি আইজেনকট আইডিএফৰ প্ৰাক্তন মুখ্য কৰ্মচাৰী আৰু বৰ্তমান বেনি গেণ্টজৰ নেচনেল ইউনিটি পাৰ্টিৰ জৰুৰীকালীন চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

হামাছৰ সৈতে চলি থকা যুদ্ধৰ সময়ত যুদ্ধ সম্বন্ধীয় আলোচনাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ মন্ত্ৰীসভাতো তেওঁক এজন পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে বেনি গেণ্টজৰ সৈতে আইডিএফৰ দক্ষিণ কমাণ্ড ভ্ৰমণ কৰাৰ সময়তে আইজেনকটে নিজৰ পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰে ।

গাজাত স্থল আক্ৰমণ আৰম্ভ হোৱাৰ পৰাই মুঠ 89 জন ইজৰাইল জোৱান নিহত হৈছে । ইজৰাইলৰ দ্য টাইমছৰ বাতৰি অনুসৰি গাজাত প্ৰচণ্ড যুদ্ধ চলি থকাৰ সময়তে আইডিএফে আইজেনকট আৰু ডিচ্টৰ মৃত্যুৰ কথা ঘোষণা কৰে, যিহেতু ইজৰাইল বাহিনীয়ে উপকূলীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণ অংশৰ হামাছৰ অতি গুৰুত্বপূৰ্ণ দুৰ্গসমূহ দখলৰ বাবে আগবঢ়িছে । ইজৰাইলৰ সাংসদসকলে আইজেনকটৰ পুত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

এক বিবৃতিযোগে বেনি গেণ্টজে দুখ প্ৰকাশ কৰাৰ লগতে যুদ্ধৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ বুলি জনায় ৷ দ্য টাইমছ অৱ ইজৰাইলৰ মতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাল আইজেনকটক ‘এজন সাহসী যোদ্ধা আৰু এজন প্ৰকৃত নায়ক’ বুলি অভিহিত কৰে । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে কয়, "আমাৰ বীৰসকলৰ এই ত্যাগ অথলে যাবলৈ নিদিওঁ । আমি জয়ী নোহোৱালৈকে এই যুঁজখন অব্যাহত থাকিব ।"

লগতে পঢ়ক: ইজৰাইলী সেনাই মুকলি কৰিলে নিহত হামাছ কমাণ্ডাৰৰ ফটো

Last Updated :Dec 8, 2023, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.