ETV Bharat / international

জো বাইডেনৰ বিৰুদ্ধে অভিযোগনামা তদন্তত অনুমোদন, "ভিত্তিহীন ৰাজনৈতিক ষ্টাণ্ট" আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 11:02 AM IST

US House approves impeachment inquiry against Biden
জো বাইডেনৰ বিৰুদ্ধে অভিযোগনামা তদন্তত অনুমোদন

আমেৰিকাৰ সংসদে ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে উত্থাপিত অভিযোগনামাৰ তদন্তত অনুমোদন জনাইছে ৷ ইয়াৰ পিচতেই ৰাষ্ট্ৰপতি বাইডেনে প্ৰকৃত বিষয়ক আওকাণ কৰি ভুৱা আৰু ভিত্তিহীন ৰাজনৈতিক ষ্টাণ্টেৰে ৰিপাব্লিকান সাংসদসকলে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ইন্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : এক বৃহৎ ৰাজনৈতিক পৰিঘটনাত বুধবাৰে আমেৰিকাৰ সদনে ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে তেওঁৰ পুত্ৰৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনক লৈ অভিযোগনামা তদন্ত আনুষ্ঠানিক কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় । জিঅ’পি নেতৃত্বাধীন সদনে এই প্ৰস্তাৱত ২২১-২১২ ভোটদান কৰে ।

চিএনএনৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেনে সাক্ষ্য দিবলৈ ৰিপাব্লিকান তদন্তকাৰীৰ চমনক অৱজ্ঞা কৰাৰ পিচত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে । অৱশ্যে হাণ্টাৰ বাইডেনে ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত জিঅ’পিৰ নেতৃত্বত চলি থকা তদন্তৰ অংশ হিচাপে ৰাজহুৱাভাৱে সাক্ষ্য দিবলৈ মান্তি হয় ।

ইফালে এই প্ৰস্তাৱক লৈ ৰাষ্ট্ৰপতি বাইডেনে ৰিপাব্লিকান দলৰ সাংসদসকলক সমালোচনা কৰিছে । অভিযোগনামা তদন্ত এক ভিত্তিহীন ৰাজনৈতিক ষ্টাণ্ট বুলিও তেওঁ কয় । বাইডেনে এক বিবৃতিত কয় যে, দেশ আৰু বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমেৰিকাৰ জনসাধাৰণক কংগ্ৰেছত নিজৰ নেতাৰ প্ৰয়োজন । তেওঁ ৰিপাব্লিকানসকলে নিজৰ নিজৰ সংঘাতৰ সৈতে জড়িত ইউক্ৰেইন আৰু ইজৰাইলক পুঁজিৰ ব্যৱস্থা কৰাত বাধা দিয়াৰ বাবে সমালোচনা কৰে আৰু সীমান্তৰ নিৰাপত্তা শক্তিশালী কৰাৰ সমৰ্থন নকৰাৰ অভিযোগো উত্থাপন কৰে ।

বাইডেনে বিবৃতিটোত লগতে কয়, "মঙলবাৰে ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজত নিজৰ জনসাধাৰণক নেতৃত্ব দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰিলোঁ । আমাৰ সহায় বিচাৰি তেওঁ আমেৰিকালৈ আহিছিল । তথাপিও কংগ্ৰেছৰ ৰিপাব্লিকানসকলে সহায় কৰিবলৈ আগবাঢ়ি নাহিল ৷" ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ইজৰাইলৰ জনসাধাৰণে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি আছে আৰু তেওঁলোকে আমাৰ সহায়ৰ বাবে অপেক্ষা কৰি আছে । তথাপিও কংগ্ৰেছৰ ৰিপাব্লিকানসকলে সহায় কৰিবলৈ আগবাঢ়ি নাহে ।

তেওঁ আৰু কয়, আমি আমাৰ দক্ষিণ সীমান্তৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব আৰু মই সমস্যা সমাধানৰ চেষ্টা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । সীমান্তৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ আমাক ধনৰ প্ৰয়োজন, কিন্তু কংগ্ৰেছৰ ৰিপাব্লিকানসকলে সহায় কৰিবলৈ কোনো কাম নকৰে ।

ইউক্ৰেইন আৰু ইজৰাইলক নতুন নিৰাপত্তা সাহায্য প্ৰদান কৰা জৰুৰীকালীন ব্যয় বিধেয়কত ৰিপাব্লিকানসকলে বাধা দিয়াৰ পিচতে বাইডেনে এই মন্তব্য কৰে । আনহাতে ৰিপাব্লিকানসকলে মেক্সিকোৰ সৈতে আমেৰিকাৰ সীমান্তত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ।

বুধবাৰে বাইডেনে কয়, আমি অৰ্থনীতিৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতি অব্যাহত ৰাখিব লাগিব আৰু মুদ্ৰাস্ফীতি হ্ৰাস পায় আৰু চাকৰি বৃদ্ধি হয় সেয়া নিশ্চিত কৰিব লাগিব। অৰ্থাৎ চৰকাৰী বন্ধৰ দৰে স্ব-প্ৰৰোচিত অৰ্থনৈতিক সংকটৰ পৰা আমি বাচিব লাগিব । তেওঁ আৰু কয় যে বহু কাম বাকী আছে । কিন্তু ৰিপাব্লিকান সাংসদসকলে এই কথাত গুৰুত্ব দিয়া নাই ।

লগতে পঢ়ক: নিৰ্বিচাৰ বোমা বিস্ফোৰণৰ বাবে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে ইজৰাইলে; বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.