ETV Bharat / international

US News : নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ, যুঁজাৰু বিমান প্ৰেৰণ

author img

By ANI

Published : Oct 29, 2023, 7:00 AM IST

US fighter jets scramble after plane violated restricted airspace near Bidens home in Delaware
নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ

শনিবাৰে ডেলাৱেৰত নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰে এখন অসামৰিক বিমানে ৷ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ যুঁজাৰু বিমান প্ৰেৰণ কৰা হৈছিল । মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বাসগৃহৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ: আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বাসগৃহৰ ওপৰেৰে এখন আকাশী যানে আকাশী সীমা উলংঘা কৰাৰ পিচত সৃষ্টি হয় চাঞ্চল্যকৰ পৰিস্থিতিৰ ৷ ৰাষ্ট্ৰপতি জ’ বাইডেন উইলমিংটনত থকা বাসৃগহৰ সমীপত সংঘটিত হয় এই পৰিস্থিতিৰ ৷ শনিবাৰে এই ঘটনা সংঘটিত হয় বুলি মাৰ্কিন সংবাদ সূত্ৰযোগে জানিব পৰা গৈছে ৷

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন ডেলাৱেৰস্থিত ঘৰত উপস্থিত থকা সময়ত এখন অসামৰিক বিমানে নিষিদ্ধ আকাশমাৰ্গ উলংঘা কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচতে আমেৰিকাৰ যুঁজাৰু বিমানসমূহ প্ৰতিৰোধ হিচাপে প্ৰেৰণ কৰা হয় ৷ যুঁজাৰু বিমানসমূহে আকাশমাৰ্গ উলংঘা কৰা বিমানখনৰ দিশে চোঁচা লয় ।

উল্লেখ্য যে, উক্ত উত্তেজনাপূৰ্ণ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন উইলমিংটনত তেওঁৰ নিজৰ ঘৰত উপস্থিত আছিল বুলি Fox News এ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী এণ্ঠনি গুগ্লিয়েলমিৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে । চোৰাংচোৱা বিভাগৰ মুৰব্বী গুগ্লিয়েলমিয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি বিয়লি 2 বজাৰ কিছু সময়ৰ পিচতে উইলমিংটনৰ উত্তৰত নিষিদ্ধ আকাশমাৰ্গত প্ৰৱেশ কৰে অসামৰিক বিমানখনে । তেওঁ কয় যে যুদ্ধ বিমানসমূহ “সতৰ্কতামূলক ব্যৱস্থা হিচাপে” প্ৰেৰণ কৰা হৈছিল আৰু বিমানখন সমীপৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰিছিল ।

Fox News এ প্ৰকাশ কৰা অনুসৰি, দেশখনৰ চোৰাংচোৱা বিভাগ আৰু ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচনৰ এজেণ্টসকলে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে । দেশখনৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এই ঘটনাৰ কোনো প্ৰভাৱ নপৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী এণ্ঠনি গুগ্লিয়েলমিয়ে ৷

লগতে পঢ়ক: Biden on Hamas Attack : ভাৰত-মধ্যপ্ৰাচ্য কৰিডৰ হামাছ আক্ৰমণৰ লগত সংযুক্ত; বাইডেনৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ হোৱাইট হাউছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.