ETV Bharat / international

Biden on Hamas Attack : ভাৰত-মধ্যপ্ৰাচ্য কৰিডৰ হামাছ আক্ৰমণৰ লগত সংযুক্ত; বাইডেনৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ হোৱাইট হাউছৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:09 PM IST

নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনৰ সময়ত বিগত ছেপ্টেম্বৰ মাহত ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ প্ৰকল্প ঘোষণা কৰা হৈছিল ।

বাইডেনৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ হোৱাইট হাউছৰ
Biden on Hamas Attack

ইণ্টাৰনেচনেল ডেস্ক, ২৭ অক্টোবৰ : ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ প্ৰকল্পৰে (আইএমইইচি) হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কোৱা বক্তব্যৰ খণ্ডন কৰিছে হোৱাইট হাউছে । উল্লেখ্য, জো বাইডেনে বিগত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত জি-২০ৰ সময়ত আৰম্ভ কৰা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডেৰে ৭ অক্টোবৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলৰ ওপৰত আকস্মিক সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা বুলি কোৱা সন্দৰ্ভত চৰ্চা চলি থকাৰ এদিন পিছতে শুকুৰবাৰে হোৱাইট হাউছে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বক্তব্যক ভুলকৈ বুজা হৈছে ।

এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত হোৱাইট হাউছৰ মুখপাত্ৰ জন কাৰ্বিয়ে কয়, "মই ভাবোঁ আপোনালোকে তেওঁক ভুল বুজিছে । তেওঁ যি কৈছিল সেয়া হৈছে যে তেওঁ বিশ্বাস কৰিছিল যে স্বাভাৱিককৰণ প্ৰক্ৰিয়াৰ বাবে আমি ইজৰাইল আৰু চৌডি আৰবৰ মাজত যি চুক্তি তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছিলোঁ, যিটো আমি বিশ্বাস কৰোঁ যে দ্বি-ৰাষ্ট্ৰীয় সমাধানত উপনীত হোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ, সেইটোৱেই হয়তো হামাছক সেই আক্ৰমণবোৰ চলাবলৈ অনুপ্ৰাণিত কৰিছিল ।"

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনে বৃহস্পতিবাৰে কৈছিল, "হামাছে আক্ৰমণ কৰাৰ এটা কাৰণ মই নিশ্চিত, অৱশ্যে মোৰ ওচৰত ইয়াৰ কোনো প্ৰমাণ নাই, কেৱল মোৰ ইন্দ্ৰিয়ই মোক কয়, আমি ইজৰাইলৰ বাবে আঞ্চলিক একত্ৰীকৰণৰ দিশত আগবাঢ়ি থকা অগ্ৰগতি আৰু সামগ্ৰিকভাৱে আঞ্চলিক একত্ৰীকৰণৰ বাবে হৈছে । আমি সেই কামটো এৰাই যাব নোৱাৰোঁ ।"

লক্ষণীয়ভাৱে, নতুন দিল্লীৰ দ্বাৰা আয়োজিত জি-২০ সন্মিলনৰ সময়ত ছেপ্টেম্বৰ মাহত ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ প্ৰকল্প ঘোষণা কৰা হৈছিল । আইএমইচিত ভাৰতক উপসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰা এক পূব কৰিডৰ আৰু উপসাগৰীয় অঞ্চলক ইউৰোপৰ সৈতে সংযোগ কৰা এক উত্তৰ কৰিডৰ অন্তৰ্ভুক্ত থাকিব । ইয়াত অন্তৰ্ভুক্ত থাকিব ৰে'ল আৰু জাহাজ-ৰে'ল পৰিবহণ নেটৱৰ্ক আৰু পথ পৰিবহণ পথ ।

লগতে পঢ়ক :US strikes Iran linked sites in Syria : ইৰাণী সংগঠনৰ বিৰুদ্ধে আমেৰিকাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.