ETV Bharat / international

ৰাছিয়াৰ বেলগোৰোডত ইউক্ৰেইনৰ গোলাবৰ্ষণত ২ শিশুসহ ১৮ জন নিহত

author img

By ANI

Published : Dec 31, 2023, 8:29 AM IST

ukrainian shelling on russian city of belgorod
ৰাছিয়াৰ বেলগোৰোডত ইউক্ৰেইনৰ আক্ৰমণ

Ukrainian shelling on Russian city of Belgorod: ৰাছিয়াৰ বেলগোৰোড চহৰত ইউক্ৰেইনৰ আক্ৰমণ ৷ শিশুসহ ১৮ জন লোক নিহত হৈছে ৷ ইউক্ৰেইনক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগৰ ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ : এফালে ইজৰাইল-হামাছৰ যুদ্ধ আনফালে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৷ এইবাৰ ৰাছিয়াত আক্ৰমণ চলাইছে ইউক্ৰেইনে ৷ চি এন এনৰ বাতৰি অনুসৰি, শনিবাৰে ৰাছিয়াৰ বেলগোৰোড চহৰত ইউক্ৰেইনে গোলাবৰ্ষণ কৰে ৷ এই গোলাবৰ্ষণৰ ফলত দুটা শিশুসহ কমেও ১৮ জন লোকে নিহত হয় ৷

ৰাছিয়াই ইউক্ৰেইনত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাচতে ইউক্ৰেইনেও ৰাছিয়াত প্ৰত্যাক্ৰমণ কৰে । ঘটনাৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি দিমিত্রি পলিয়ানস্কিয়ে শনিবাৰে কয় যে, ইউক্ৰেইনৰ এনে আক্ৰমণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকৰ বাবে অনুৰোধ জনাইছে ।

ইফালে ৰাছিয়াই ইউক্ৰেইনত চলোৱা আক্ৰমণৰ ফলত প্ৰায় 40 জন লোকৰ মৃত্যু হৈছিল আৰু 150 ৰো অধিক আহত হৈছিল । আনহাতে ইউক্ৰেইনৰ আক্ৰমণক সহজভাৱে ল’ব পৰা নাই ৰাছিয়াই ৷ সেয়ে ইউক্ৰেইনে চলোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি জাৰি কৰা হৈছে ৷

উল্লেখ্য যে, এবছৰৰো অধিক সময় ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ৷ এই যুদ্ধত হাজাৰৰো অধিক লোক নিহত হোৱাৰ লগতে লাখ লাখ লোক আহত হৈছে ৷ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ বিভিন্ন চহৰ ৷

ইউৰোপ ইউনিয়ত ইউক্ৰেইন চামিল হোৱাৰ বাবে আৰম্ভ হোৱা যুদ্ধ এতিয়াও চলিয়ে আছে ৷ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ইউক্ৰেইনৰ ৷ কিন্তু আমেৰিকা, ইউৰোপ ইউনিয়ন তৰফৰ পৰা পোৱা সহায়ৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে বৰ্তমানে যুঁজ দিবলৈ সক্ষম হৈছে ইউক্ৰেইন ৷

আনহাতে, আকোঁৰগোজ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যি কোনো বিনিময়ত ইউক্ৰেইনক যুদ্ধত পৰাস্ত কৰি বিশ্ববাসীক দেখুওৱা খুজিছিল ৰাছিয়াৰ সামৰিক শক্তি ৷

লগতে পঢ়ক : শৰণাৰ্থী শিবিৰৰ পৰা ইজৰাইলী সেনালৈ লক্ষ্য কৰি হামাছৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.