ETV Bharat / international

শৰণাৰ্থী শিবিৰৰ পৰা ইজৰাইলী সেনালৈ লক্ষ্য কৰি হামাছৰ গুলীচালনা

author img

By ANI

Published : Dec 31, 2023, 7:20 AM IST

Updated : Dec 31, 2023, 8:40 AM IST

Hamas terrorist fires on soldiers: ইজৰাইলৰ সেনালৈ লক্ষ্য কৰি হামাছৰ গুলীচালনা ৷ আল বুৰেইজ শৰণাৰ্থী শিবিৰৰ এখন বিদ্যালয়ৰ এলেকাত কাম কৰি থকাৰ অৱস্থাতে হামাছে গুলীচালনা কৰে বুলি জানিবলৈ দিছে ইজৰাইলী সেনাই ৷

hamas terrorist fires on soldiers
শৰণাৰ্থী শিবিৰৰ পৰা ইজৰাইলী সেনালৈ লক্ষ্য কৰি হামাছৰ গুলীচালনা

ইন্টাৰনেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ : বৰ্তমানেও হামাছ-ইজৰাইলৰ যুদ্ধ অব্যাহত আছে ৷ শনিবাৰে গাজাত ইজৰাইলৰ সেনাক লক্ষ্য কৰি গুলীচালনা কৰে হামাছ সন্ত্ৰাসবাদীয়ে ৷ এই সন্দৰ্ভত ইজৰাইলৰ সেনাই কয়, ‘‘গাজাৰ এখন বিদ্যালয়ৰ পৰা ইজৰাইলী সনালৈ লক্ষ্য কৰি হামাছে গুলীচালনা কৰিছিল ৷ উক্ত বিদ্যালয়খনত সাধাৰণ লোকে আশ্ৰয় লৈ আছিল । আই ডি এফৰ 188 নং ব্ৰিগেডৰ যুঁজাৰু দলৰ সৈনিকসকলে মধ্য গাজাৰ আল বুৰেইজ শৰণাৰ্থী শিবিৰৰ এখন বিদ্যালয়ৰ এলেকাত কাম কৰি আছিল ৷ সেইসময়তে হামাছৰ দলে অট্টালিকাৰ পৰা গুলীচালনা কৰিছিল ।’’

আনহাতে, শনিবাৰে ইজৰাইলী যুঁজাৰু বিমানে মেটুলাৰ সীমান্তৰ সমীপতে থকা লেবাননৰ কফাৰকেলা অঞ্চলত হিজবুল্লাহ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল ৷ কাৰণ 7 অক্টোবৰত হিজবুল্লাহ সন্ত্ৰাসবাদীয়ে উক্ত অঞ্চলৰ পৰা বৃহৎ সংখ্যক ৰকেট নিক্ষেপ কৰিছিল ইজৰাইললৈ ।

উল্লেখ্য যে, ইজৰাইলৰ সামৰিক বাহিনীৰ চোৰাংচোৱাই বৃহস্পতিবাৰে তথ্য লাভ কৰিছিল যে, ডজন ডজন হামাছ সন্ত্ৰাসবাদীয়ে সাধাৰণ লোক থকা এখন বিদ্যালয়ৰ ভিতৰত সোমাই আছে । সন্ত্ৰাসবাদীসকলে মহিলা আৰু শিশুৰ পিছফালে লুকাই থাকে ৷ শিশু আৰু মহিলাসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিছে হামাছে ৷ যাৰবাবে ইজৰাইলৰ সেনালৈ লক্ষ্য কৰি আক্ৰমণ কৰে হামাছে ৷ সেয়ে বৃহস্পতিবাৰে ইজৰাইলৰ সেনাই বিদ্যালয়খনত অভিযান চলাই কেইবাজনো সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত আই ডি এফে কয় যে, ইউ এন আৰ ডব্লিউৰ শৰণাৰ্থী শিবিৰৰ ভিতৰত কমেও 9 টা সুৰংগ আছিল ৷

বৰ্তমানলৈকে, ইজৰাইলী-হামাছৰ যুদ্ধত কমেও 1,200 জন লোক নিহত হৈছে । ইফালে, হামাছে গাজাত বন্দী কৰি ৰখা পুৰুষ, মহিলা, শিশু, সৈনিক আৰু বিদেশী নাগৰিকৰ সংখ্যা প্ৰায় 129 জন বুলি সন্দেহ কৰিছে ইজৰাইলৰ সেনাই ।

লগতে পঢ়ক : গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, প্ৰায় 68 জন নিহত

Last Updated :Dec 31, 2023, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.