ETV Bharat / international

White House Documents case : হোৱাইট হাউচৰ নথি পত্ৰৰ অপব্যৱহাৰৰ গোচৰত অভিযুক্ত ট্ৰাম্প

author img

By

Published : Jun 9, 2023, 1:59 PM IST

ট্ৰাম্পৰ ফ্লৰিডা ৰিজৰ্ট মাৰ-এ-লাগোত তালাচীৰ সময়ত ১১,০০০ তকৈও অধিক নথিপত্ৰ জব্দ কৰা হৈছে (Presidential records seized at Trump resort)। নথিপত্ৰৰ অপব্যৱহাৰ আৰু মিছা বিবৃতি দিয়াৰো ৭ টা ফেডাৰেল অপৰাধমূলক অভিযোগ আছে ট্ৰাম্পৰ বিৰুদ্ধে । মঙলবাৰে মিয়ামীৰ আদালতত তেওঁ হাজিৰ হ'ব ।

White House Documents case
হোৱাইট হাউচৰ নথিপত্ৰৰ অপব্যৱহাৰৰ গোচৰত অভিযুক্ত ট্ৰাম্প

ইণ্টাৰনেশ্যনেল ডেস্ক,৯ জুন : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱাইট হাউচ এৰি যোৱাৰ পাছত শ্ৰেণীবদ্ধ নথিপত্ৰৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে (Allegation against Trump)। ট্ৰাম্পৰ বিৰুদ্ধে শ শ শ্ৰেণীবদ্ধ চৰকাৰী নথিপত্ৰৰ অপব্যৱহাৰ আৰু মিছা বিবৃতি দিয়াৰো ৭ টা ফেডাৰেল অপৰাধমূলক অভিযোগ আৰোপ কৰা হৈছে । অৱশ্যে, এই বিষয়ে আৰু কোনো বিৱৰণ দিয়া হোৱা নাই ।

তথ্য অনুসৰি, আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ৰাষ্ট্ৰপতিৰ ওপৰত এনে গুৰুতৰ অভিযোগ নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ২০২৪ চনত পুনৰ নিৰ্বাচনৰ বাবে তেওঁৰ দাবী উত্থাপন কৰিছে (US President election 2024)।

ট্ৰাম্পে বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যমত ঘোষণা কৰিছে যে, অধিবক্তাসকলে তেওঁৰ আইনী দলক জনাইছে যে তেওঁক অভিযুক্ত কৰা হৈছে । ট্ৰাম্পে লগতে উল্লেখ কৰে যে তেওঁ মঙলবাৰে আবেলি মিয়ামীৰ আদালতত উপস্থিত হ'ব (Trump to appear in Miami court)। অৱশ্যে আন কোনো লোককো এই গোচৰত অভিযুক্ত কৰা হৈছে নেকি সেয়া স্পষ্ট হোৱা নাই ।

ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু ৰেকৰ্ড প্ৰশাসনৰ বিষয়াসকলে ২০২১ চনত ট্ৰাম্পৰ প্ৰতিনিধিসকলৰ ওচৰলৈ গৈছিল যেতিয়া তেওঁলোকে অনুভৱ কৰিছিল যে তেওঁৰ কাৰ্যকালৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ হেৰাইছে । ৰাষ্ট্ৰপতিৰ ৰেকৰ্ড আইন অনুসৰি, হোৱাইট হাউচৰ নথিপত্ৰবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সম্পত্তি বুলি গণ্য কৰা হয় আৰু ইয়াক সংৰক্ষণ কৰিব লাগে ।

ট্ৰাম্পৰ এগৰাকী প্ৰতিনিধিয়ে ২০২১ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় আৰ্কাইভক কৈছিল যে মাৰ-এ-লাগোত ৰাষ্ট্ৰপতিৰ ৰেকৰ্ড পোৱা গৈছে । ২০২২ চনৰ জানুৱাৰীত, ৰাষ্ট্ৰীয় আৰ্কাইভে ট্ৰাম্পৰ ফ্লৰিডাৰ ঘৰৰ পৰা ১৫ বাকচ নথিপত্ৰ উদ্ধাৰ কৰে । পাছত আইনী বিভাগৰ বিষয়াসকলক কয় যে, তেওঁলোকৰ ওচৰত বহুতো শ্ৰেণীবদ্ধ সামগ্ৰী আছে ।

ন্যায় বিভাগে প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ফেডাৰেল অপৰাধমূলক অভিযোগ দাখিল কৰাৰ বাবে আইনী আৰু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । বিষয়টোৰ সৈতে পৰিচিত কেইবাজনো লোকে বৃহস্পতিবাৰে কয় যে তেওঁ কাৰ্যালয় এৰি যোৱাৰ সময়ত তেওঁ লগত বহু গোপনীয় নথি-পত্ৰ লৈ গৈছিল । যিবোৰ দীৰ্ঘদিন ধৰি বিচাৰি থকা হৈছিল । যেতিয়া চৰকাৰে পুনৰ সেই গোপনীয় নথি-পত্ৰসমূহ দখল কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া ট্ৰাম্পে সহযোগিতা নকৰাৰো অভিযোগ উত্থাপিত হৈছে । গোচৰটো মিয়ামিৰ ফেডাৰেল জিলা আদালতত দাখিল কৰা হৈছে ।

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধিবক্তাই নিশ্চিত কৰিছে যে অহা সপ্তাহৰ মঙলবাৰে মিয়ামীৰ আদালতত ড'নাল্ড ট্ৰাম্প হাজিৰ হ'ব । অধিবক্তাই কয় যে, তেওঁলোকে এই অভিযোগৰ প্ৰতিলিপিৰ বাবে অপেক্ষা কৰি আছে । প্ৰাক্তন ফেডাৰেল প্ৰচিকিউটৰ জ' মোৰেনোৱে বিবিচিক কয় যে অহা মঙলবাৰে ট্ৰাম্প ফেডাৰেল ন্যায়াধীশৰ সন্মুখত হাজিৰ হ'লে কি হ'ব তাৰ ওপৰত ৰাইজে নজৰ ৰাখিব ।

অৱশ্যে, শুনানি বন্ধ দুৱাৰৰ পিছফালে হ'ব আৰু সংবাদ মাধ্যমসমূহে কেৱল ট্ৰাম্পক গাড়ীৰ পৰা ওলাই অহা হে দেখিবলৈ সক্ষম হ'ব । তেওঁ কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ উত্থাপন কৰাটো লজ্জাজনক । এই ঘটনাই অনাগত দিনবোৰত গোপন সেৱা আৰু অন্যান্য ফেডাৰেল আদালতৰ নিৰাপত্তা বিষয়াসকলৰ বাবে প্ৰত্যাহ্বান বৃদ্ধি হ'ব ।

ইফালে ট্ৰাম্পে সামাজিক মাধ্যমৰ এক পোষ্টত কয় যে তেওঁ নিৰ্দোষী । ট্ৰাম্পে উল্লেখ কৰা মতে তেওঁ কেতিয়াও ভবা নাছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত এনে হোৱাটো সম্ভৱ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এয়া সঁচাকৈয়ে ক'লা দিন বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে, ট্ৰাম্পে তেওঁৰ বাৰ্তাত পুনৰ কয় যে সকলোৱে একেলগে আমেৰিকাক পুনৰ মহান কৰি তুলিব (Trump reacts over allegation against him)।

যোৱা বছৰ, ট্ৰাম্পৰ ফ্লৰিডা ৰিজৰ্ট মাৰ-এ-লাগোত তালাচী চলোৱা হৈছিল । ১১,০০০ তকৈও অধিক নথিপত্ৰ জব্দ কৰা হৈছিল । তাৰ ভিতৰত প্ৰায় ১০০ খন শ্ৰেণীবদ্ধ নথি হিচাপে চিহ্নিত কৰা হৈছিল । তাৰ একাংশত শীৰ্ষ গোপনীয় লেবেল লগোৱা নথিপত্ৰও আছিল । যোৱা সপ্তাহত, খবৰ পোৱা গৈছিল যে তদন্তকাৰীসকলে ট্ৰাম্পৰ এটা অডিঅ' ৰেকৰ্ডিং লাভ কৰিছিল য'ত তেওঁ হোৱাইট হাউচ এৰি যোৱাৰ পাছত এটা শ্ৰেণীবদ্ধ নথি পত্ৰ লৈ যোৱাৰ কথা স্বীকাৰ কৰিছিল । শ্ৰেণীবদ্ধ নথিপত্ৰসমূহ অনুমোদন নোহোৱা স্থানলৈ লৈ যোৱাটো বা তাত ৰখাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনবিৰোধী ।

লগতে পঢ়ক :Visa wait time issue in India : ভাৰতীয়ৰ ভিছাৰ অপেক্ষাৰ সময় হ্ৰাস কৰাৰ আহ্বান আমেৰিকাৰ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.