ETV Bharat / international

Titan Submersible Crew Dead : টাইটানিকৰ অনুসন্ধানত গৈ এইবাৰ সন্ধানহীন টাইটান; ৫ যাত্ৰীক মৃত্যু ঘোষণা

author img

By

Published : Jun 24, 2023, 12:36 PM IST

Titan Submersible Crew Dead
Titan Submersible Crew Dead

টাইটান ছাবমেৰিনৰ যাত্ৰীসকলৰ ভিতৰত আছিল ব্ৰিটিছ ব্যৱসায়ী তথা দুঃসাহসী অভিযানকাৰী হামিশ্ব হাৰ্ডিং, পাকিস্তানৰ এটা বিশিষ্ট ব্যৱসায়িক পৰিয়ালৰ শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেমান ডাউদ, ফৰাচী সন্তৰণবিদ পল-হেনৰি নাৰ্জিওলেট আৰু টাইটানৰ পাইলট হিচাপে কাম কৰা অ'চেনগেট অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টকটন ৰাশ্ব ।

ইণ্টাৰনেচনেল ডেস্ক, ২৪ জুন : ১৯১২ চনত উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল ব্ৰিটিছ যাত্ৰীবাহী লাইনাৰ টাইটানিক । এই টাইটানিক জাহাজৰ অনুসন্ধানত নামি ১৩,০০০ গভীৰলৈ গৈছিল টাইটান নামৰ এখন ছাবমেৰিন । তাত আছিল পাঁচগৰাকী যাত্ৰী । কিন্তু আটলাণ্টিকৰ গভীৰতাত থকা প্ৰলংয়কৰী বিবিধতাৰ বাবে মৃত্যু হয় টাইটানত থকা পাঁচোজন যাত্ৰীৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) এই কথা নিশ্চিত কৰিছে ।

বিশ্বৰ ইতিহাসৰ আটাইতকৈ ভয়ানক জাহাজ ডুব যোৱাৰ ঘটনা হিচাপে চিহ্নিত টাইটানিকৰ দুৰ্ঘটনাগ্ৰস্ত স্থানৰ ওচৰত চলোৱা পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান অভিযানৰ পিছত ১৬০০ ফুট গভীৰত, মেছাচুছেটছৰ পৰা প্ৰায় ৯০০ কেপ কডৰ ওচৰত টাইটান ছাবমেৰিনখনৰ ধ্বংসাৱশেষৰ সন্ধান পোৱা যায় ।

টাইটানিকলৈ এই ছাবমেৰিণ অভিযান চলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ব্যক্তিগত মালিকানাধীন কোম্পানী অ'ছেনগেটে । এই কোম্পানীটোৱেও টাইটানৰ যাত্ৰীসকলৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাৰ কথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কৰ্তৃপক্ষই জনাইছে । আনহাতে, ৱাশ্বিংটন পোষ্টে বিশেষজ্ঞসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰা প্ৰতিবেদনত কৈছে যে আমেৰিকাত নিৰ্মিত ছাবমনেৰিনখনে কানাডাৰ পৰা আন্তৰ্জাতিক জলসীমালৈ যাত্ৰা কৰিছিল ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ উদ্ধাৰ অভিযান আৰু মহাসাগৰ অভিযান্ত্ৰিক সঞ্চালক পল হেঙ্কিন্সৰ মতে, দূৰৱৰ্তীভাৱে পৰিচালিত এখন বাহনে টাইটান ছাবমেৰিনৰ পৰা পাঁচটা পৃথক মুখ্য ধ্বংসাৱশেষৰ টুকুৰা লাভ কৰে ।

উল্লেখ্য যে এই দুঃসাহসিক যাত্ৰা কৰা টাইটান ছাবমেৰিনৰ যাত্ৰীসকলৰ ভিতৰত আছিল ব্ৰিটিছ ব্যৱসায়ী তথা দুঃসাহসী অভিযানকাৰী হামিশ্ব হাৰ্ডিং, পাকিস্তানৰ এটা বিশিষ্ট ব্যৱসায়িক পৰিয়ালৰ শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেমান ডাউদ, ফৰাচী সন্তৰণবিদ পল-হেনৰি নাৰ্জিওলেট আৰু টাইটানৰ পাইলট হিচাপে কাম কৰা অ'চেনগেট অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টকটন ৰাশ্ব । তেওঁলোকে এক দুঃসাহসিক অভিযান কৰিছিল । ভ্ৰমণ আয়োজক কোম্পানী অ'চেনগেট এক্সপিডিচনে এক বিবৃতিত কয় ।

এই ঘটনাত পাকিস্তান আৰু ব্ৰিটেইন চৰকাৰে সমবেদনা জ্ঞাপন কৰিছে । উল্লেখ্য, যোৱা দেওবাৰে (স্থানীয় সময় অনুসৰি) টাইটান দুই ঘণ্টাৰ এক দীঘলীয়া সময়ৰ বাবে সাগৰত নামিছিল । কিন্তু ছাবমেৰিনখনে প্ৰায় ১ ঘণ্টা ৪৫ মিনিটৰ ভিতৰতে ভূপৃষ্ঠৰ সৈতে সংযোগ হেৰুৱায় ।

লগতে পঢ়ক :Submersible vessel missing : আটলাণ্টিক মহাসাগৰত ৫ গৰাকী লোকৰ সৈতে নিৰুদ্দেশ চাবমাৰ্চিবল জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.