ETV Bharat / international

Submersible vessel missing : আটলাণ্টিক মহাসাগৰত ৫ গৰাকী লোকৰ সৈতে নিৰুদ্দেশ চাবমাৰ্চিবল জাহাজ

author img

By

Published : Jun 20, 2023, 11:06 AM IST

Submersible vessel missing
আটলাণ্টিক মহাসাগৰত ৫ গৰাকী লোকৰ সৈতে নিৰুদ্দেশ এখন চাবমাৰ্চিবল জাহাজ

এগৰাকী পাইলট আৰু ৪ গৰাকী মিছন বিশেষজ্ঞ আছিল জাহাজখনত । সাগৰৰ গভীৰতাত থকা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল দলটো । পূৰ্বেও এই অত্যাধুনিক জাহাজেৰে বহু লোকে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰিছে । বৰ্তমান উদ্ধাৰ অভিযান চলি আছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ জুন : আটলাণ্টিক মহাসাগৰত সন্ধানহীন এখন চাবমাৰ্চিবল জাহাজ । ৫ গৰাকী লোক আছিল অত্যাধুনিক চাবমাৰ্চিবল জাহাজখনৰ ভিতৰত । শতিকাৰো অধিক পূৰ্বে ডুব যোৱা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল লোকসকল । দেওবাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰে চাবমাৰ্চিবল জাহাজখন । সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে । কিন্তু মহাসাগৰৰ অতি গভীৰতাত জাহাজখন সন্ধানহীন হৈছে যাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ।

নোভা স্কটিয়াৰ হেলিফেক্সত থকা কানাডাৰ যুটীয়া উদ্ধাৰ সমন্বয় কেন্দ্ৰৰ তথ্য অনুসৰি জাহাজখন দেওবাৰে নিশা নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা প্ৰায় ৪৩৫ মাইল (৭০০ কিলোমিটাৰ) দক্ষিণে থকাৰ খবৰ পোৱা গৈছিল । বিভাগীয় কৰ্তৃপক্ষৰ মতে কানাডিয়ান কোষ্ট গাৰ্ডৰ এখন জাহাজ আৰু সামৰিক বিমানে অনুসন্ধানৰ প্ৰচেষ্টাত সহায় কৰিছে । বষ্টনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ নেতৃত্ব চলি আছে উদ্ধাৰ অভিযান । কিন্তু এতিয়ালৈ চাবমাৰ্চিবল জাহাজখন কোনো সম্ভেদ নোপোৱাত সকলো চিন্তিত হৈ পৰিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ এগৰাকী বিষয়াৰ মতে অঞ্চলটো দূৰৱৰ্তী হোৱাৰ বাবে অনুসন্ধানত যথেষ্ট প্ৰত্যাহ্বান আহিছে । অৱশ্যে চাবমাৰ্চিবল জাহাজখনৰ সম্ভেদ উলিওৱাৰ লগতে তাত তথা লোকসকলক উদ্ধাৰৰ বাবে যিমান সম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উপকূলৰক্ষী বাহিনীৰ মতে দেওবাৰে পুৱা জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৪৫ মিনিটৰ পাচৰে পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছিল । চাবমাৰ্চিবল জাহাজখন অ'চিয়েনগেট অভিযানে পৰিচালনা কৰিছিল ।

অ'চিয়েনগেটৰ এগৰাকী বিষয়াই জনোৱা মতে চাবমাৰ্চিবল জাহাজখনৰ ভিতৰত দেওবাৰে পুৱা প্ৰায় ৬ বজাৰ পৰা ৯৬ ঘণ্টাৰ অক্সিজেন বাকী আছিল । তেওঁ লগতে কয় যে এই জাহাজখন অত্যাধুনিক আৰু অতি কম সময়ৰ ভিতৰতে সাগৰৰ প্ৰায় ২০,০০০ ফুট গভীৰতাত উপনীত হ'ব পাৰে ।

টাইটানিকৰ ধ্বংসাৱশেষ থকা সেই স্থানলৈ এই বিশেষ জাহাজখনে যাত্ৰা কৰিছিল য'ত পুৰাতত্ত্ববিদ আৰু সামুদ্ৰিক জীৱবিজ্ঞানী আছিল বুলি কোৱা হৈছে । উপকূলৰক্ষী বাহিনীয়ে সোমবাৰে কোৱা মতে তাত এগৰাকী পাইলট আৰু ৪ জন মিছন বিশেষজ্ঞ আছিল ।

অ'চিয়েনগেটৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে চাবমাৰ্চিবল জাহাজখনৰ ভিতৰত অত্যাধুনিক ব্যৱস্থা আছে । লগতে তাৰ ভিতৰত জীয়াই থাকিব পৰা বিভিন্ন সামগ্ৰী আছে । সেয়ে সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকে সুৰক্ষিত আৰু সুস্থভাৱে পুনৰ উভতি আহিব পাৰে ।

লগতে পঢ়ক :Mass Killing in US: আমেৰিকাৰ চেইণ্ট লুইছত গুলীচালনাত 1 জন নিহত; আহত কেইবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.