ETV Bharat / international

Fuel depot blast: তেল ডিপো বিস্ফোৰণ ঘটি মৃত্যু 68 গৰাকী লোকৰ, সন্ধানহীন 105 গৰাকী

author img

By ANI

Published : Sep 27, 2023, 8:00 AM IST

Fuel depot blast
পেট্ৰ’ল ডিপো বিস্ফোৰণৰ ফলত মৃত্যু

তেল ডিপো বিস্ফোৰণৰ ফলত নাগৰ্নো-কাৰাবাখত বৰ্তমানলৈ মৃত্যু 68 গৰাকী লোকৰ ৷ 290 জন আহত ৷ বৰ্তমানেও সন্ধানহীন 105 জন লোক ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: নাগৰ্নো-কাৰাবাখত মৰ্মান্তিক ঘটনা ৷ তেল ডিপোত হোৱা বিস্ফোৰণৰ ফলত কমেও 68 গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে শতাধিক লোক আহত হয় ৷ সন্ধানহীন অৱস্থাত আছে বহু লোক ৷

আজাৰবাইজানৰ সামৰিক আক্ৰমণৰ পিছতে এই অঞ্চলৰ পৰা আৰ্মেনিয়ান জনগোষ্ঠীয় লোকে পলায়ন কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । কাৰাবাখৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ উদ্ধৃতিৰে Al Jazeera ই প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণত মৃতকৰ সংখ্যা 68 লৈ বৃদ্ধি পোৱাৰ বিপৰীতে কমেও 105 জন লোক নিৰুদ্দেশ হৈছে ৷ আনহাতে, 290 জন লোক আহত হৈছে ।

সোমবাৰে সন্ধিয়া আঞ্চলিক ৰাজধানী ষ্টেপানাকেৰ্টৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷ যিটোক আজাৰবাইজানে খাংকেণ্ডী বুলি কয় । উল্লেখ্য যে, গাড়ীৰে অঞ্চলটো এৰি পলায়ন কৰিব বিচৰাসকলক ডিপোটোৰ জৰিয়তে ইন্ধন বিতৰণ কৰা হৈছিল । বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত তাত সমবেত হৈছিল শ শ লোক ।

উল্লেখযোগ্য যে, আজাৰবাইজানে অঞ্চলটোত অতৰ্কিত সামৰিক আক্ৰমণ চলোৱাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা হৈছিল । অঞ্চলটোৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন অব্যাহত ৰখাৰ সময়তে মৃতকৰ সংখ্যা ঘোষণা কৰা হৈছে ৷ আৰ্মেনিয়াই কয় যে, 28,120 জনগোষ্ঠীয় আৰ্মেনিয়ান লোকে দেশখনত প্ৰৱেশ কৰিছে । Al Jazeera ৰ বাতৰি অনুসৰি চৰকাৰে আৰ্তসকলৰ বাবে থকাৰ ব্যৱস্থা কৰিব ।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে কয় যে, আমেৰিকাই অঞ্চলটোত মানৱীয় প্ৰৱেশৰ আহ্বান জনাইছে । লগতে তেওঁ কয়, "নাগৰ্নো-কাৰাবাখৰ ইন্ধন ডিপোত সংঘটিত বিস্ফোৰণত কমেও 68 জন লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হোৱাৰ খবৰ পাই আমি দুখী হৈছো আৰু নাগৰ্নো-কাৰাবাখৰ বাসিন্দা আৰু ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছো ।"

লগতে পঢ়ক: US on Nijjar murder case: ভাৰতৰ বিৰুদ্ধে কানাডাই অনা অভিযোগ সন্দৰ্ভত চিন্তিত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.