ETV Bharat / international

US on Nijjar murder case: ভাৰতৰ বিৰুদ্ধে কানাডাই অনা অভিযোগ সন্দৰ্ভত চিন্তিত আমেৰিকা

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:33 PM IST

শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ তদন্ত কানাডা চৰকাৰে কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী আমেৰিকাৰ । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অনা অভিযোগ সন্দৰ্ভত আমেৰিকা গভীৰভাৱে চিন্তিত বুলি সংবাদ মেলত উল্লেখ ৷

Hardeep Singh Nijjar's murder investigation
ভাৰতৰ বিৰুদ্ধে কানাডাই অনা অভিযোগ সন্দৰ্ভত চিন্তিত আমেৰিকা

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আমেৰিকাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ তদন্ত কানাডা চৰকাৰে কৰিব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগিব । কানাডাই অভিযোগ কৰিছে যে নিজ্জাৰ হত্যাৰ আঁৰত ভাৰতীয় কৰ্তৃপক্ষ জড়িত আছিল । নতুন দিল্লীয়ে এই অভিযোগক ভিত্তিহীন বুলি কঠোৰভাৱে অস্বীকাৰ কৰিছে ।

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে তেওঁৰ দৈনিক সংবাদমেলত সাংবাদিকৰ আগত কয়, "কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অনা অভিযোগ সন্দৰ্ভত আমি গভীৰভাৱে চিন্তিত । আমি আমাৰ কানাডাৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছো ।"

PTI ৰ এক প্ৰতিবেদন অনুসৰি মিলাৰে এক প্ৰশ্নৰ উত্তৰত কয়, "আমি বিশ্বাস কৰো যে এইক্ষেত্ৰত কানাডাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱা আৰু অপৰাধীক ন্যায়লয়ৰ দ্বাৰস্থ কৰোৱাটো অতি গুৰুত্বপূৰ্ণ । আমি ৰাজহুৱা আৰু ব্যক্তিগতভাৱে ভাৰত চৰকাৰক কানাডাৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছো ।"

ইফালে কানাডাই শেহতীয়াকৈ নিজৰ ভ্ৰমণ পৰামৰ্শ আপডেট কৰি ভাৰতত থকা নাগৰিকসকলক শেহতীয়া পৰিস্থিতিৰ প্ৰেক্ষাপটত ‘সাৱধানতা অৱলম্বন’ কৰিবলৈ কয় । উল্লেখ্য যে, 18 জুনৰ দিনা ব্ৰিটিছ কলম্বিয়াত কানাডাৰ মাটিত 45 বছৰীয়া নিজ্জাৰক হত্যা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতীয় এজেণ্টৰ জড়িত থকাৰ সম্ভাৱনীয়তা থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ পিছৰে পৰা ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক ক্ৰমশঃ অৱনমিত হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে, কানাডাই ভাৰতৰ ক্ষেত্ৰত আৰোপ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত শ্ৰীলংকাই ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । ভাৰতত থকা শ্ৰীলংকাৰ উচ্চায়ুক্ত মিলিণ্ডা মোৰাগোড়াই ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াই কয়, "কলম্বোত সন্ত্ৰাসবাদৰ প্ৰতি গ্ৰহণ কৰা হৈছে শূন্য সহনশীলতা স্থিতি ।"

লগতে পঢ়ক: India and Canada relation: কানাডাত সন্ত্ৰাসবাদীয়ে বিচাৰি পাইছে নিৰাপদ আশ্ৰয়: শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.