ETV Bharat / international

Church roof collapses: গীৰ্জাৰ ছাদ খহি 11 জনৰ মৃত্যু; আহত 60

author img

By ANI

Published : Oct 3, 2023, 8:15 AM IST

গীৰ্জাৰ ছাদ খহি মৃত্যু ঘটিল 11 জনকৈ লোকৰ ৷ 60 গৰাকী লোক আহত ৷ আহতসকলৰ ভিতৰত আছে ডেৰ বছৰীয়া শিশুকে ধৰি তিনিটি শিশু ৷ ইতিমধ্যে অন্ত পৰিছে উদ্ধাৰ অভিযানৰ ৷

Church roof collapses in Mexico
গীৰ্জাৰ ছাদ খহি মৃত্যু 11 জনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 অক্টোবৰ: মেক্সিকোত শোকাৱহ ঘটনা ৷ উত্তৰ মেক্সিকোত এটা গীৰ্জাৰ ছাদ খহি থিতাতে মৃত্যু ঘটিল 11 জনকৈ লোকৰ ৷ উল্লেখ্য যে, প্ৰাৰ্থনাৰ সময়ত উপাসনা গৃহটোৰ ছাদ খহি পৰাৰ ফলত কমেও 11 জন লোকৰ মৃত্যু হোৱাৰ লগতে 60 গৰাকী লোক আহত হৈছে বুলি চৰকাৰী সূত্ৰত জানিব পৰা হৈছে ৷ ধ্বংসাৱশেষত আৰু কোনো লোক আৱদ্ধ হৈ নাই বুলি সোমবাৰে উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে । ৰোমান কেথ’লিক গীৰ্জাঘৰটোৰ ছাদ খহি পৰাৰ ঘটনাটো দেওবাৰে সংঘটিত হয় ৷

ৰাজ্যখনৰ আৰক্ষীয়ে প্ৰথমতে অনুমান কৰিছিল যে উপসাগৰীয় উপকূলৰ চহৰ চিউডাড মাডেৰোৰ দেওবাৰে বাপ্তিস্মৰৰ সময়ত গীৰ্জাঘৰটো ভাঙি পৰাৰ সময়ত প্ৰায় 100 গৰাকী লোক গীৰ্জাঘৰটোৰ ভিতৰত আছিল ৷ ছাদখন হঠাৎ ভাগি পৰাৰ ফলত প্ৰায় 30 জনকৈ পেৰিচিয়ান ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰিছিল ।

কিন্তু তামাউলিপাছ ৰাজ্যৰ ৰাজ্যপাল আমেৰিকো ভিলাৰিয়েলে পৰৱৰ্তী সময়ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মাত্ৰ 70 জন লোকহে আছিল বুলি উল্লেখ কৰে । আনহাতে, এগৰাকী পুৰোহিতে এই সন্দৰ্ভত কয় যে ঘটনাটো সংঘটিত হোৱাৰ কিছু মিনিট আগতে 300 জন লোকে অংশগ্ৰহণ কৰা দেওবাৰৰ মূল প্ৰাৰ্থনা সভাখনৰ সামৰণি পৰিছিল আৰু বহুলোক গীৰ্জাঘৰৰ পৰা ওলাই গৈছিল ।

বহু যুৱক-যুৱতীৰ লগতে দুৰ্ঘটনাটোৰ ফলত তিনিটাকৈ শিশু আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ মাজত এটি ডেৰ বছৰীয়া শিশুও আছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ উদ্ধাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: Khalistani Stopped Indian Ambassador: ভাৰতীয় ৰাষ্ট্ৰদূতক কৰা আচৰণক ’বিশৃংখল আচৰণ’ অভিহিত গুৰুদ্বাৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.