ETV Bharat / international

Khalistani Stopped Indian Ambassador: ভাৰতীয় ৰাষ্ট্ৰদূতক কৰা আচৰণক ’বিশৃংখল আচৰণ’ অভিহিত গুৰুদ্বাৰ সমিতিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:41 AM IST

খালিস্তানী পন্থীয়ে ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীক গ্লাছগো গুৰুদ্বাৰত প্ৰৱেশত বাধা প্ৰদান কৰা ঘটনাক গৰিহণা গুৰুদ্বাৰ সমিতিৰ ৷ উক্ত আচৰণক ‘বিশৃংখল আচৰণ’ বুলি অভিহিত কৰে সমিতিয়ে । ঘটনাৰ তথ্য স্কটলেণ্ড আৰক্ষীক প্ৰদান কৰা হৈছে বুলি বিবৃতিযোগে উল্লেখ ৷

Khalistani Stopped Indian Ambassador
আচৰণক ’বিশৃংখল আচৰণ’ অভিহিত গুৰুদ্বাৰ সমিতিৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ: ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীক খালিস্তানী পন্থীয়ে কৰা দুৰ্ব্যৱহাৰক গৰিহণা দিছে গুৰুদ্বাৰ সমিতিয়ে ৷ শনিবাৰে যুক্তৰাজ্যৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দোৰাইস্বামীক পৰিকল্পিতভাৱে গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল খালিস্তানী পন্থীয়ে । উল্লেখ্য যে, ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৰুদ্বাৰলৈ গৈছিল ।

গুৰুদ্বাৰা পৰিচালনা সমিতিয়ে গ্লাছগো গুৰুদ্বাৰাৰ বাহিৰত সংঘটিত কৰা এই আচৰণক ‘বিশৃংখল আচৰণ’ বুলি অভিহিত কৰে । এক বিবৃতিযোগে সমিতিয়ে কয়, " 2023 চনৰ 29 ছেপ্টেম্বৰত গ্লাছগো গুৰদ্বাৰত এক ঘটনা সংঘটিত হৈছিল । গুৰুদ্বাৰ সকলো সম্প্ৰদায় আৰু পটভূমিৰ লোকৰ বাবে মুকলি ।"

উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণৰ বাবে আহিছিল ভাৰতীয় উচ্চায়ুক্তগৰাকী । এগৰাকী স্কটিছ সংসদৰ সদস্যই উচ্চায়ুক্তগৰাকীক নিমন্ত্ৰণ জনাইছিল । অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গ্লাছগো অঞ্চলৰ বাহিৰৰ একাংশ অচিনাক্ত ব্যক্তিয়ে এই পদযাত্ৰাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে । তেওঁক গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল । যাৰ বাবে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰি উভতি যাবলগীয়াত পৰে । ঘটনাৰ তথ্য স্কটলেণ্ড আৰক্ষীক প্ৰদান কৰা হৈছে বুলি বিবৃতিটোত কোৱা হৈছে ।

স্কটলেণ্ড আৰক্ষীয়েও এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত । ইয়াৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তই এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰিছিল । উচ্চ আয়োগে দিয়া তথ্য অনুসৰি ব্ৰিটেইনৰ গ্লাছগো গুৰুদ্বাৰত সংঘটিত হোৱা ‘অপমানজনক কাণ্ড’ ৰ বিষয়ে উচ্চ আয়োগে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিছে । এই কাণ্ডৰ সৈতে জড়িত লোক স্কটলেণ্ডৰ বাহিৰৰ বুলি উচ্চ আয়োগে জনাইছে ।

উল্লেখ্য যে, বহু ব্ৰিটিছ সাংসদেও এই ঘটনাক গৰিহণা দিছে । ব্ৰিটেইনৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰাজ্যিক মন্ত্ৰী এন্নে-মেৰী ট্ৰেভেলিয়ানে শনিবাৰে কয় যে ভাৰতীয় দূত বিক্ৰম দোৰাইস্বামীক গ্লাছগোত গুৰুদ্বাৰ সমিতিৰ বৈঠকত বাধা দিয়া বিষয় সন্দৰ্ভত তেওঁ উদ্বিগ্ন হৈ পৰিছে । X যোগে এটা পোষ্টত তেওঁ কয়, "তেওঁলোকৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ । যুক্তৰাজ্যৰ উপাসনা স্থানসমূহ সকলোৰে বাবে মুকলি হ’ব লাগে ।"

লগতে পঢ়ক : Khalistani Stopped Indian Ambassador: ভাৰতীয় উচ্চায়ুক্তক গুৰুদ্বাৰত প্ৰৱেশত বাধা খালিস্তানীপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.