ETV Bharat / international

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি সম্প্ৰসাৰণ, পুনৰ হামাছে মুকলি কৰিলে ৬ ইজৰাইলীক

author img

By ANI

Published : Dec 1, 2023, 8:14 AM IST

Seventh day of ceasefire between Israel and Hamas
পুনৰ হামাছে মুকলি কৰিলে ৬ ইজৰাইলীক

ইজৰাইল সামৰিক বাহিনীয়ে যুদ্ধবিৰতি এদিনৰ সম্প্ৰসাৰণৰ ঘোষণা কৰে । তাৰ পাচতে হামাছে ৬ গৰাকী ইজৰাইলী বন্দীক মুকলি কৰি দিছে । ইজিপ্তৰ মাজেৰে তেওঁলোকক নিজ দেশলৈ অনা হ'ব ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি অব্যাহত আছে । বৃহস্পতিবাৰে অস্থায়ী যুদ্ধবিৰতিৰ নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ কথা আছিল যদিও তাৰ কিছু সময় পূৰ্বে ইজৰাইল সামৰিক বাহিনীয়ে আনুষ্ঠানিকভাৱে এদিনৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে । যুদ্ধবিৰতি চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে । ইজৰাইলে যুদ্ধবিৰতি চুক্তি এদিনৰ সম্প্ৰসাৰণৰ ঘোষণা কৰাৰ লগে লগে হামাছ সন্ত্ৰাসবাদী গোটে বৃহস্পতিবাৰে নিশা ৰাফা ক্ৰছিঙৰ জৰিয়তে আৰু ৬ গৰাকী ইজৰাইলী বন্দীক ইজিপ্তলৈ মুকলি কৰি দিয়ে ।

বন্দীসকলক এক বিশেষ স্থানলৈ লৈ যোৱা হ'ব য'ত ইজৰাইলী বাহিনীয়ে তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰিব তাৰ পাচত কেৰেম শ্লোম ক্ৰছিঙৰ কাষৰ গেটৰ মাজেৰে তেওঁলোকক ইজিপ্তৰ পৰা ইজৰাইললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব । ইজৰাইল সামৰিক বাহিনীৰ মতে বন্দীসকলৰ পৰিয়ালবোৰক প্ৰতিনিধিসকলে শেহতীয়াকৈ দিয়া তথ্যৰ অধীনত যোগাযোগ কৰি আছে । সামৰিক বাহিনীয়ে জনোৱা মতে ৬ গৰাকী বন্দীক বিলাল, আইছা জিয়াদনে, ইলানা গ্ৰিটজেৱস্কি, নিলি মাৰ্গালিট, শনি গোৰেন আৰু চাপিৰ কোহেন বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, অতিৰিক্ত বন্দীৰ মুক্তিৰ বাবে আলোচনা অব্যাহত থকাৰ লগে লগে যুদ্ধবিৰতি সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হৈছে । সমান্তৰালকৈ হামাছ আৰু কাটাৰে যুদ্ধবিৰতি দীঘলীয়া হোৱাটো বিচাৰিছে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে হামাছে দুগৰাকী ইজৰাইলী বন্দীক মুকলি কৰি দিছিল । ফলস্বৰূপে বৃহস্পতিবাৰৰ দিনটোত হামাছে মুকলি কৰা বন্দীৰ সংখ্যা হ'লগৈ মুঠ ৮ গৰাকী ।

লক্ষণীয়ভাৱে যুদ্ধবিৰতি চুক্তি অনুসৰি হামাছে প্ৰতিদিনে কমেও ১০ গৰাকী বন্দীক মুকলি কৰিব লাগে । ইফালে যুদ্ধবিৰতি অব্যাহত থাকিলেও গাজা ষ্ট্ৰিপত এতিয়াও তীব্ৰ আশংকা দেখা গৈছে । কিয়নো ইজৰাইলী বাহিনীয়ে স্পষ্ট কৰি দিছে যে হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তি যদি সম্প্ৰসাৰণ নহয় তেনেহ'লে সামৰিক বাহিনী গাজা ষ্ট্ৰিপত পুনৰ যুদ্ধ আৰম্ভ কৰিবলৈ সাজু । ইজৰাইলে সকীয়াই দিছে যে তেওঁলোকে যিকোনো সময়তে আক্ৰমণ কৰিবলৈ সাজু হৈ আছে ।

লগতে পঢ়ক : ইজৰাইল-হামাছৰ সাময়িক যুদ্ধ বিৰতি, যুদ্ধবন্দী 10 ইজৰাইলীৰ লগতে 4 থাই নাগৰিকক মুকলি হামাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.