ETV Bharat / international

ইজৰাইল-হামাছৰ সাময়িক যুদ্ধ বিৰতি, যুদ্ধবন্দী 10 ইজৰাইলীৰ লগতে 4 থাই নাগৰিকক মুকলি হামাছৰ

author img

By ANI

Published : Nov 30, 2023, 10:17 AM IST

হামাছে পুনৰ 10 জন ইজৰাইলী আৰু 4 জন থাই নাগৰিকসহ 14 জনৰো অধিক কাৰাবন্দীক মুকলি কৰি দিছে ৷ এই কথা জানিবলৈ দিছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৷

Hamas release 10 Israelis hostages
ইজৰাইল হামাছৰ সাময়িক যুদ্ধ বিৰতি

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 নৱেম্বৰ : প্ৰায় 6 সপ্তাহ ধৰি চলা ইজৰাইল আৰু হামাছৰ যুদ্ধ সাময়িকভাৱে বন্ধ হোৱাৰ পাচত যুদ্ধবিৰতিৰ চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰি দিছে ৷ বুধবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনী চমুকৈ আই ডি এফে জাৰি কৰা এক তথ্য অনুসৰি, মঙলবাৰে নিশাৰ ভাগত হামাছে 10 জন ইজৰাইলী আৰু চাৰিজন থাই নাগৰিকসহ 14 জনৰো অধিক কাৰাবন্দীক মুকলি কৰি দিছে ৷

দ্যা টাইমছ অব ইজৰাইলত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ইজৰাইল-হামাছৰ যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে হামাছে বন্দী কৰা 14 জনক মুকলি কৰি দিছে ৷ মুকলি কৰি দিয়া 14 জনক গাজা পট্টী পৰা ৰাফা সীমান্তৰে ইজিপ্তলৈ প্ৰেৰণা কৰা হৈছে বুলি দ্যা টাইমছ অফ ইজৰাইলৰ বাতৰিত প্ৰকাশ পাইছে ৷

তদুপৰি দ্যা টাইমছ অব ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, হামাছে মুকলি কৰা 10 জন ইজৰাইলী নাগৰিক হ’ল ৰাজ বেন এমি, য়াৰ্ডেন ৰোমান, লিয়াট আটজিলি, মৰাণ ষ্টেলা য়ানাই, লিয়াম অৰ, ইটাই ৰেগেভ, অফিৰ এংগেল, অমিত শনি, গালি তৰ্শানস্কি আৰু ৰায়া ৰোটেম বুলি জানিব পৰা গৈছে ৷

আনহাতে ইজৰাইলী সেনাই বাহৰ পাতি থকা কেৰেম শ্লো’ম সীমান্তলৈ লৈ যোৱা হ’ব মুক্তি পোৱা লোকসকলক ৷ য’ত তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰা হ’ব ৷ লগতে পৰিয়ালে বন্দীসকল চিনাক্ত কৰাত যাতে পলম নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৷

শুকুৰবাৰৰ পৰা সোমবাৰলৈকে 50 জন বন্দীক হামাছে মুকলি কৰি দিয়াৰ লগতে, মঙলবাৰে নিশা 10 জন ইজৰাইলী নাগৰিকক হামাছে মুকলি কৰি দিছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷ ইফালে সাময়িক যুদ্ধবিৰতিৰ পাচতে খাদ্য সংকটত যুঁজি থকা গাজা পট্টীত খাদ্য, পানী যোগান ধৰিছে বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে ৷

লগতে পঢ়ক:যুদ্ধবিৰতিৰ চতুৰ্থ দিন, ১১ ইজৰাইলী বন্দীক মুকলি হামাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.