ETV Bharat / international

প্ৰায় 2 বছৰীয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পাছত যুদ্ধ বন্দীসকলক মুকলি

author img

By ANI

Published : Jan 4, 2024, 9:38 AM IST

Russia-Ukraine exchange of prisoners
প্ৰায় 2 বছৰীয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পাছত যুদ্ধ বন্দীসকল মুকলি

Russia-Ukraine exchange of prisoners : ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰায় 2 বছৰৰ পাচত দুয়োখন দেশে বন্দী কৰি ৰখা নাগৰিকসকলক মুকলি কৰি দিছে ৷ বন্দী বিনিময় চুক্তিৰ আধাৰত শ শ যুদ্ধবন্দীৰ আদান-প্ৰদান কৰা হয় দুয়োখন দেশৰ মাজত ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : প্ৰায় দুটা বছৰ হ’বৰে হ’ল ৰাছিয়া-ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধ ৷ 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত চলোৱা আক্ৰমণৰ পাছতে যুদ্ধ আৰম্ভ হৈছিল ৷ তাৰ পাচতে ইউক্ৰেইনৰ কেইবাখনো চহৰ দখল কৰিছিল ৰাছিয়াই ৷ বিস্তৰ ক্ষতিসাধন হৈছিল ইউক্ৰেইনৰ বিভিন্ন চহৰ, নিহত হৈছিল সেনাৰ লগতে হাজাৰ হাজাৰ সাধাৰণ নাগৰিক, বন্দী হৈছিল দুইখন দেশৰ নাগৰিক আৰু সেনা ৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰায় 2 বছৰৰ পাচত দুয়োখন দেশে বন্দী কৰি ৰখা নাগৰিকসকলক মুকলি কৰি দিছে ৷ এই দাবী কৰিছে আল জাজিৰাই ৷ তেওঁলোকৰ মতে, যুদ্ধ আৰম্ভ হোৱাৰ পিছত সৰ্ববৃহৎ বন্দী বিনিময় চুক্তিৰ আধাৰত বুধবাৰে কিয়েভ আৰু মস্কোৰ মাজত শ শ যুদ্ধবন্দীৰ আদান-প্ৰদান কৰা হয় ৷

বাতৰি অনুসৰি, ইউক্ৰেইনৰ কৰ্তৃপক্ষই 230 জন বন্দীক মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৷ বিপৰীতে ৰাছিয়াৰ প্ৰতিনিধিসকলে দাবী কৰে যে সংযুক্ত আৰব গণৰাজ্যৰ মধ্যস্থতাৰ পিছত বুধবাৰে 248 জন সৈনিক ঘূৰাই অনা হৈছে। ইউক্ৰেইনৰ দাবী অনুসৰি, 200 তকৈও অধিক সৈনিক আৰু সাধাৰণ লোকক ৰাছিয়াৰ বন্দীত্বৰ পৰা ঘূৰাই অনা হৈছে ৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ইউনিফৰ্ম পিন্ধা লোকসকলৰ সৈতে এটা ভিডিঅ' এটা মেছেজিং এপত এটা পোষ্টত দি এই ঘোষণা কৰে ৷ এই দাবী কৰিছে আল জাজিৰাৰ বাতৰিত । এই ক্ষেত্ৰত ইউক্ৰেইনৰ মানৱ অধিকাৰ কৰ্মী লোকপাল ডিমাইট্ৰো লুবিনেটে কৈছিল যে 6 জন সাধাৰণ লোককে ধৰি 230 জন ইউক্ৰেইনৰ বন্দীক মুকলি কৰি দিছে ৰাছিয়াই ৷

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি সংযুক্ত আৰব গণৰাজ্যৰ মধ্যস্থতাত হোৱা আলোচনাৰ পিছত 248 জন ৰাছিয়াৰ সৈনিকক ঘূৰাই অনা হৈছে ৷

লগতে পঢ়ক : ইৰাণত ১৫ মিনিটৰ ব্যৱধানত দুটাকৈ বিস্ফোৰণ: নিহত এশৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.