ETV Bharat / international

ইৰাণত ১৫ মিনিটৰ ব্যৱধানত দুটাকৈ বিস্ফোৰণ: নিহত এশৰো অধিক

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 9:30 PM IST

Updated : Jan 4, 2024, 8:00 AM IST

Blast in Iran: ইৰাণত ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে ১০৩ গৰাকী নাগৰিকে ৷ ১৮৮ গৰাকী আহত ৷ এটা মছজিদৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ ৷

bomb blast in Iran
Blast in Iran

নিউজ ডেস্ক, ৩ জানুৱাৰী: বুধবাৰে এলানি ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠে ইৰাণৰ কেৰমানৰ দক্ষিণ চহৰ ৷ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ জেনেৰেল কাছেম ছোলেমানীৰ হত্যাৰ চতুৰ্থ বৰ্ষপূৰ্তিত তেওঁৰ সমাধিৰ সমীপত সংঘটিত কৰা হয় এই বিস্ফোৰণ ৷ বৰ্তমানলৈকে এই বিস্ফোৰণত ১০৩ গৰাকী নাগৰিকৰ মৃত্যু ঘটিছে ৷

ৰাষ্ট্ৰখনৰ সম্প্ৰচাৰক ইৰিবে জনোৱা মতে, দক্ষিণৰ কেৰমান চহৰৰ চাহেব আল জামান মছজিদৰ সমীপৰ শোভাযাত্ৰাত বিস্ফোৰণৰ ফলত আৰু কেইবা ডজন লোক নিহত হয় । কেৰমানৰ ডেপুটি গৱৰ্ণৰৰ উদ্ধৃতি দি কোৱা হৈছে যে এইটো এটা “সন্ত্ৰাসবাদী আক্ৰমণ”। ভিডিঅ’ত এটা পথত মৃতদেহ পৰি থকা দেখা গৈছিল আৰু এম্বুলেন্স লৰালৰিকৈ ঘটনাস্থলীলৈ আহিছিল ।

বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া স্পষ্ট হোৱা নাই আৰু কোনো গোটৰ পৰাও তাৎক্ষণিক দাবী উত্থাপন হোৱা নাই । কিন্তু আৰব বিচ্ছিন্নতাবাদী, ইছলামিক ষ্টেট (আই এছ) আৰু অন্যান্য চুন্নী জেহাদী গোটে যোৱা কিছু বছৰত দেশখনৰ নিৰাপত্তা বাহিনী আৰু ছিয়া উপসনা স্থলীত প্ৰাণঘাটী আক্ৰমণ চলাইছে বুলি প্ৰকাশ কৰিছে ।

২০২০ চনত চুবুৰীয়া ৰাষ্ট্ৰ ইৰাকত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হোৱাৰ পূৰ্বে শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনেইৰ পিছত ইৰাণৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে দেখা গৈছিল ছোলেমানীক ।

বুধবাৰৰ এই কাণ্ডৰ মাজতে ইৰাণ সমৰ্থিত পেলেষ্টাইনী গোট হামাছৰ উপ-নেতা লেবাননত ইজৰাইলৰ ড্ৰ’ন আক্ৰমণত নিহত হোৱাৰ পিছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে ।

ইৰাণৰ সংবাদ মাধ্যমত সম্প্ৰচাৰিত ফুটেজত দেখা গৈছে যে জেনেৰেলগৰাকীৰ গৃহ চহৰ কেৰমানৰ পূব প্ৰান্তত শ শ লোক গোট খোৱাৰ সময়তে এই দুটা বিস্ফোৰণ সংঘটিত হৈছিল ।

ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে স্থানীয় সময় অনুসৰি ১৪:৫০ বজাত (১১:২০ জিএমটি) প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় ৷ যিটো ছাহেব আল-জামান মছজিদৰ চাৰিওফালে থকা গাৰ্ডেন অৱ শ্বহীদ কবৰস্থানৰ পৰা প্ৰায় ৭০০ মিটাৰ (২,৩০০ফুট) দূৰত ফূটিছিল । দ্বিতীয়টো বিস্ফোৰণ প্ৰায় ১৫ মিনিটৰ পিছত কবৰস্থানৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত সংঘটিত হোৱা বুলি তেওঁলোকে জনায় ।

ৰিভল্যুচনেৰী গাৰ্ডৰ সৈতে জড়িত কট্টৰপন্থী তাছনিম সংবাদ সংস্থাটোৱে সূত্ৰৰ উদ্ধৃতি দি কয় যে বোমা কঢ়িয়াই নিয়া হৈছিল দুটা বেগৰ দ্বাৰা আৰু আপাত দৃষ্টিত “ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা” বিস্ফোৰণ ঘটোৱা হৈছিল ৷

ইছনা সংবাদ সংস্থাই এজন প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি আমি কবৰস্থানৰ ফালে খোজ কাঢ়ি গৈ থাকোঁতে হঠাতে পিছফালে এখন গাড়ী ৰৈছিল আৰু বোমা থকা এটা আৱৰ্জনাৰ বেগৰ পৰাই বিস্ফোৰণ ঘটিছিল ।

‘‘আমি কেৱল বিস্ফোৰণৰ শব্দ শুনিলোঁ আৰু মানুহ পৰি থকা দেখিলোঁ ।" ব্যক্তিগৰাকীয়ে কয় ৷

ইৰাণৰ সংবাদ মাধ্যমে স্থানীয় জৰুৰীকালীন সেৱা বিভাগৰ উদ্ধৃতি দি কয় যে বিস্ফোৰণৰ ফলত ১০৩ জন লোক নিহত হোৱাৰ লগতে আন ১৮৮ জন আহত হৈছে । আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক বুলিও তেওঁলোকে লগতে কয় ।

ইৰাণৰ ৰেড ক্ৰীচেণ্টে জনোৱা মতে, নিহতসকলৰ ভিতৰত এজন পেৰামেডিকেল আছে যিজনক প্ৰথম বিস্ফোৰণৰ স্থানলৈ প্ৰেৰণ কৰা হৈছিল আৰু দ্বিতীয়জনে আঘাত কৰিছিল । ফুটেজত দেখা গ’ল যে ছোলেমানীৰ সমাধিৰ কোনো ক্ষতি হোৱা নাই । ৰিভল্যুচনেৰী গাৰ্ডছৰ বহিঃৰাষ্ট্ৰৰ অভিযান শাখা কুডছ বাহিনীৰ অধিনায়ক হিচাপে তেওঁ সমগ্ৰ অঞ্চলটোত ইৰাণৰ নীতিৰ স্থপতি আছিল ।

তেওঁ কুডছ বাহিনীৰ গোপন অভিযান আৰু হামাছ আৰু হিজবুল্লাহকে ধৰি মিত্ৰ চৰকাৰ আৰু সশস্ত্ৰ গোটসমূহক নিৰ্দেশনা, পুঁজি, অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱা আৰু লজিষ্টিক সহায় প্ৰদানৰ দায়িত্বত আছিল । ২০২০ চনত হত্যাৰ নিৰ্দেশ দিয়া তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছোলেমানিক “বিশ্বৰ যিকোনো ঠাইতে এক নম্বৰ সন্ত্ৰাসবাদী” বুলি অভিহিত কৰে ।

লগতে পঢ়ক: হামাছৰ নেতাক লক্ষ্য কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত হামাছৰ দ্বিতীয় সৰ্বোচ্চ পদবীৰ ৰাজনৈতিক নেতা

Last Updated :Jan 4, 2024, 8:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.