ETV Bharat / international

Putin Deployment Nuclear Weapons : বেলাৰুছত পাৰমাণৱিক অস্ত্ৰ মোতায়েন ৰাছিয়াৰ

author img

By

Published : Jun 17, 2023, 12:37 PM IST

Putin Deployment Nuclear Weapons
Putin Deployment Nuclear Weapons

পুটিনৰ মতে, বিস্তৃত অৰ্থত ৰাছিয়ান ৰাষ্ট্ৰৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ পাৰমাণৱিক অস্ত্ৰৰ সৃষ্টি কৰা হৈছে ।

ইণ্টাৰনেচনেল ডেস্ক, ১৭ জুন : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বেলাৰুছত পাৰমাণৱিক অস্ত্ৰ মোতায়েনৰ কথা নিশ্চিত কৰিছে । শুকুৰবাৰে এই নিশ্চিতি প্ৰদান কৰিছে পুটিনে । উল্লেখ্য, ইউক্ৰেইন যুদ্ধৰ বাবে প্ৰচুৰ আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও ৰাছিয়াই এই পদক্ষেপৰ পৰা আঁতৰি অহা নাই । ইতিমধ্যে মুখ্য আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত ৰাছিয়াই প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।

আনহাতে, পশ্চিমীয়া বিষয়া আৰু বিনিয়োগকাৰীসকলে বুধবাৰৰ পৰা শনিবাৰলৈ আয়োজিত ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তৰ্জাতিক অৰ্থনৈতিক মঞ্চৰ পৰা আঁতৰি আহিছে । বিগত কেইবা দশক ধৰি বিদেশী ৰাষ্ট্ৰবোৰক আকৰ্ষিত কৰাৰ বাবে এই সমাবেশ ৰাছিয়াৰ মুখ্য অনুষ্ঠান হৈ আহিছে । ইয়াক ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সৈতেও তুলনা কৰা হয় ।

ইফালে ক্ৰেমলিনে বন্ধুত্ব নথকা দেশৰ সাংবাদিকসকলক এই অনুষ্ঠানৰ কাৰ্যসূচীৰ বাতৰি পৰিবেশনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । মস্কোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপীয় ইউনিয়নৰ সদস্য আৰু অষ্ট্ৰেলিয়াকে ধৰি ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক অনুমোদন নজনোৱা কেইবাখনো দেশৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰে ।

ইয়াৰ মাজতে অনুষ্ঠানৰ লগত জড়িত বিষয়াসকলে তাত উপস্থিত থকা বিদেশী ব্যৱসায়িক মঞ্চৰ কোনো তালিকা প্ৰদান কৰা নাছিল । কিন্তু শতাধিক আলোচনা-চক্ৰৰ কাৰ্যসূচীত দেখা যায় যে বেছিভাগ বক্তায়ে আছিল ৰাছিয়াৰ পৰা অহা ।

"আমি আত্ম-বিচ্ছিন্নতাৰ পথলৈ ঘূৰি যোৱা নাই । আমি আজি বিশ্বৰ অৰ্থনীতিৰ চালক, ইঞ্জিন হিচাপে কাম কৰা দেশ আৰু অঞ্চলসমূহৰ নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰসকলৰ সৈতে সম্পৰ্ক বিস্তৃত কৰিছোঁ । মই পুনৰ ক'ব বিচাৰোঁ, এইবোৰ ভৱিষ্যতৰ বজাৰ; সকলোৱে স্পষ্টভাৱে বুজি পায় ।" পুটিনে মঞ্চৰ পূৰ্ণাংগ অধিবেশনত এনেদৰে কয় । "

আনহাতে, যদিও এই কাৰ্যসূচীত অন্তৰ্ভুক্ত অধিবেশনবোৰৰ এটাত ৰাছিয়াক 'গোলকীয় প্ৰযুক্তি কেন্দ্ৰ' বুলি উল্লেখ কৰা হৈছে, আন পেনেলবোৰৰ আলোচনাত প্ৰায় ১৬ মাহ পূৰ্বে ইউক্ৰেইনলৈ ৰাছিয়ান সেনাৰ আগ্ৰাসনৰ পিছত মস্কোৰ অৰ্থনৈতিক বৰ্জনক মৌনভাৱে স্বীকাৰ কৰে ।

লগতে পঢ়ক :Fishing Boat Sinks off in Greece : গ্ৰীচত জাহাজ ডুবি সন্ধানহীন ৫ শতাধিক; ৭৮ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.