ETV Bharat / international

Fishing Boat Sinks off in Greece : গ্ৰীচত জাহাজ ডুবি সন্ধানহীন ৫ শতাধিক; ৭৮ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 17, 2023, 10:25 AM IST

Fishing Boat Sinks off in Greece
Fishing Boat Sinks off in Greece

ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ মতে, অনুসন্ধানকাৰী দলবোৰে এতিয়ালৈকে ১০৪ জন লোকক উদ্ধাৰ কৰা হৈছে । আনহাতে, ৭৮ টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে শ শ লোক সন্ধানহীন হৈ আছে । শেহতীয়া বছৰবোৰত ভূমধ্যসাগৰত সংঘটিত দুৰ্ঘটনাবোৰৰ ভিতৰত এই দুৰ্ঘটনাটো অতি শোকাৱহ হোৱাৰ আশংকা কৰা হৈছে ।

ইণ্টাৰনেচনেল ডেস্ক, ১৭ জুন : ১৪ জুনত গ্ৰীচৰ উপকূলত শ শ প্ৰব্ৰজনকাৰীক কঢ়িয়াই নিয়া এখন মাছধৰা নাও ডুবি যায় । ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে জনোৱা অনুসৰি ইয়াৰ ফলত প্ৰায় ৫০০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ মাইগ্ৰেচন (International Organization for Migration) আৰু ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই (UN Refugee Agency) শুকুৰবাৰে জাৰি কৰা এক যুটীয়া বিবৃতিত কোৱা হৈছে যে নাওখনত থকা লোকৰ সংখ্যা স্পষ্ট নহয় যদিও ৪০০-৭৫০ জনৰ ভিতৰত আছিল বুলি ধাৰণা কৰা হৈছে ।

ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে প্ৰকাশ কৰা মতে, এতিয়ালৈকে ১০৪ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে । আনহাতে, ৭৮ টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে শ শ লোক এতিয়াও সন্ধানহীন হৈ আছে । এই দুৰ্ঘটনাটোক শেহতীয়া বছৰবোৰত ভূমধ্যসাগৰত সংঘটিত আটাইতকৈ শোকাৱহ দুৰ্ঘটনা হিচাপে চিহ্নিত কৰা হৈছে আৰু মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । খবৰ অনুসৰি, ১৩ জুনৰ পুৱাৰ পৰায়ে নাওখন সংকটত আছিল ।

১৪ জুনৰ পুৱা নাওখন ডুব যোৱাৰ পিছত গ্ৰীক হেলেনিক কোষ্ট গাৰ্ডে এক বৃহৎ অনুসন্ধান আৰু উদ্ধাৰ অভিযান ঘোষণা কৰে । উল্লেখ্য, অকণো পলম নকৰাকৈ সাগৰত বিপদত পৰা লোকসকলক উদ্ধাৰ কৰাটো হৈছে আন্তৰ্জাতিক সামুদ্ৰিক আইনৰ এক মৌলিক নিয়মৰ ভিতৰৰ কৰ্তব্য ।

ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ মাইগ্ৰেচন আৰু ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা দুয়োটায়ে দক্ষিণ গ্ৰীচৰ কালামাটাত কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে । অনা-খাদ্য সামগ্ৰী, হাইজিন কিট, সাহায্য় সেৱা আৰু এই দুৰ্ঘটনাৰ পিছত আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে কাউন্সেলিং প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

"এইটো স্পষ্ট যে ভূমধ্যসাগৰৰ প্ৰতি বৰ্তমানৰ দৃষ্টিভংগী অকাৰ্যকৰী হৈছে । বছৰে বছৰে ই পৃথিৱীৰ আটাইতকৈ বিপজ্জনক প্ৰব্ৰজন পথ হৈ আহিছে । মৃত্যুৰ হাৰো সৰ্বাধিক হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰসমূহ একত্ৰিত হ'ব লাগিব আৰু সক্ৰিয় অনুসন্ধান আৰু উদ্ধাৰ আৰু সুৰক্ষিত নিয়মীয়া পথৰ ক্ষেত্ৰত থকা ব্যৱধানবোৰ সমাধান কৰিব লাগিব । এই সামূহিক প্ৰচেষ্টাবোৰত প্ৰব্ৰজনকাৰীসকলৰ মানৱ অধিকাৰ থাকিব লাগে আৰু যিকোনো ক্ষেত্ৰতে জীৱন ৰক্ষা কৰাৰ কথাটো কেন্দ্ৰীভূত কৰিব লাগে ।" ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ জৰুৰীকালীন বিভাগৰ সঞ্চালক ফেডেৰিকো চডাকে এক বিবৃতিত কয় ।

লগতে পঢ়ক :Nigeria Boat Accident : ভয়ংকৰ নাও দুৰ্ঘটনা, একেখন গাঁৱৰে ৬৮ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.